গুৱাহাটী, ১১ ডিচেম্বৰ :কা’ বাতিল নোহোৱা পৰ্যন্ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আন্দোলন চলি থকাৰ হুংকাৰ আছুৰ ( AASU says anti CAA movement will continue in NE) । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief Samujjal Bhattacharjya) ক’লে, নতুন নতুন কৌশলেৰে কা’ আন্দোলন আগবাঢ়ি যাব । গণতান্ত্ৰিক আন্দোলনৰ লগতে আইনগত যুঁজ হ’ব । ইয়াৰ লগতে তেওঁ কা আন্দোলনত ৫ গৰাকী লোকক গুলিয়াই হত্যা কৰাৰ ঘটনাৰ তদন্তৰ দাবী কৰে (Samujjal Bhattacharjya demands inquiry on death of CAA martyrs) ৷
কা আন্দোলনৰ শ্বহীদৰ পৰিয়াল সমূহ আৰু গুলিবিদ্ধ সকলক সংস্থাপনৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰক ল’বলৈ দাবী জনায় তেওঁ । উজান বজাৰস্থিত আছুৰ শ্বহীদ ন্যাসত ক’লা পতাকা আৰু ক’লা বেনাৰ উৰুৱাই শনিবাৰে ক’লা দিৱস পালন কৰি কাৰ বিৰোধীতা কৰি এইদৰে মন্তব্য কৰে ভট্টাচাৰ্যই । তেওঁ কয় যে, বাংলাদেশীৰ ৰক্ষক খিলঞ্জীয়া বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী, সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়কখন ২০১৯ চনৰ আজিৰ দিনটোতে ৰাজ্যসভাত অনুমোদন কৰা হৈছিল । বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আজিৰ দিনটোতে বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী আইন ২০১৯ জাপি দিছিল ৷