অসম

assam

ETV Bharat / city

নাৰী সুৰক্ষাৰ দাবীৰে আপৰ প্ৰতিবাদ

আম আদমি পাৰ্টী অসমৰ মহিলা মৰ্চাৰ প্ৰতিবাদ ৷ নাৰী সুৰক্ষা বৃদ্ধি কৰিবলৈ গুৱাহাটীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আপৰ মহিলা মৰ্চাই ৷

নাৰী সুৰক্ষাৰ দাবীৰে আপৰ প্ৰতিবাদ
নাৰী সুৰক্ষাৰ দাবীৰে আপৰ প্ৰতিবাদ

By

Published : Jun 24, 2020, 3:49 PM IST

গুৱাহাটী, 24 জুন :ৰাজ্যত চূড়ান্তৰূপে অৱক্ষয় ঘটিছে আইন-শৃংখলাজনিত পৰিস্থিতি ৷ এফালে কোভিড-19ৰ সংহাৰ আনফালে ক্ৰমান্বয়ে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাই ৰাজ্যৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে ৷ আইন-শৃংখলা ৰোধত চৰকাৰ ব্যৰ্থ হোৱাৰ বাবেই প্ৰতিবাদত নামি পৰে আম আদমি পাৰ্টী ৷

বুধবাৰে গুৱাহাটী ক্লাৱত আম আদমি পাৰ্টি, অসমৰ মহিলা মৰ্চাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰাজ্যত বৰ্ধিত হাৰত হোৱা ধৰ্ষণকাণ্ড ৰোধ কৰা আৰু নাৰী সুৰক্ষা প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে দলটোৱে ৷ ৰাজ্যৰ শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতি সঠিকৰূপত পৰিচালনা কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি জনায় প্ৰতিবাদকাৰীসকলে ৷

নাৰী সুৰক্ষাৰ দাবী আপৰ মহিলা মৰ্চাৰ

হাতে হাতে প্লেকাৰ্ড লৈ সামাজিক দূৰত্ব মানি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলে প্ৰতিবাদকাৰীসকলে ৷ দোষীসকলক দৃষ্টান্তমূলক শাস্তিৰে চৰকাৰে ভুক্তভোগীসকলক ন্যায় প্ৰদান কৰিবলৈ দাবী তুলে প্ৰতিবাদকাৰীসকলে ৷ অসমত অপৰাধজনিত ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ চৰকাৰ প্ৰশাসনৰ দূৰ্বলতাৰ বাবেই দোষী সাৰি যায় বুলি অভিযোগ তুলে আপৰ মহিলা মৰ্চাৰ প্ৰতিবাদকাৰীসকলে ৷

ইতিমধ্যে হত্যাকাণ্ড, ধৰ্ষণ আদিৰ দৰে ঘটনা বৃদ্ধি পাবলৈ লৈছে ৰাজ্যত ৷ শেহতীয়াকৈ কেবাগৰাকীও লোক গণহত্যাৰ বলি হোৱাৰ লগতে সেনাৰ অত্যাচাৰত অসমীয়া যুৱকৰ মৃত্যু হৈছে ৷ এনেবোৰ পৰিস্থিতি ৰোধ কৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰ তথা খোদ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগ চূড়ান্তৰূপে ব্যৰ্থ হৈছে ৷

লগতে পঢ়কঃকমলপুৰত অংগনবাদী কৰ্মীৰ আত্মহত্যাঃ উদ্ধাৰ ছুইচাইড নোট

ABOUT THE AUTHOR

...view details