অসম

assam

By

Published : Jul 19, 2020, 6:19 PM IST

ETV Bharat / city

CBSEৰ দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষাত ছাউথ পইণ্টৰ ছাত্ৰ হিমাংকৰ সাফল্য

সদ্যঘোষিত CBSEৰ দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে মহানগৰীৰ হিমাংক জ্যোতি কাশ্যপে । মহানগৰীৰ বৰ্ষাপাৰাস্থিত ছাউথ পইণ্ট বিদ্যালয়ৰ ছাত্ৰ হিমাংক জ্যোতি কাশ্যপে ৯৬.৪ শতাংশ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিছে বিদ্যালয়খনলৈ ।

A student flashes in the recently announced cbse exam
CBSEৰ দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষাত মহানগৰীৰ চাউথ পইণ্টৰ ছাত্ৰ হিমাংকৰ সাফল্য

গুৱাহাটী,১৯জুলাই:হিমাংক জ্যোতি কাশ্যপে ৰাজনীতি বিজ্ঞানত ৯৭, ভূগোলত ৯৭ , শাৰীৰিক শিক্ষাত ৯৯ , ইনফৰমেটিক্স প্রেক্টিছত ৯৭, অৰ্থনীতিত ৯২ নম্বৰ আৰু ইংৰাজী বিষয়ত ৮৯ নম্বৰেৰে সৰ্বমুঠ ৯৬.৪ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ছাত্ৰজনৰ পিতৃ বিশ্বজিৎ দাস ছাউথ পইণ্ট বিদ্যালয়ত শিক্ষকতা কৰি থকাৰ লগতে মাতৃ মঞ্জু দাস এগৰাকী গৃহিনী । হিমাংক জ্যোতিৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীসকল ।

CBSEৰ দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষাত মহানগৰীৰ চাউথ পইণ্টৰ ছাত্ৰ হিমাংকৰ সাফল্য

ভৱিষ্যতে এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হোৱাৰ সপোন হিমাংক জ্যোতি কাশ্যপৰ । হিমাংকই তৃতীয় শ্ৰেণীত অধ্যয়ন কৰি থকা দিনৰে পৰাই চিত্ৰাংকণকে ধৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিও সুনাম অৰ্জন কৰি আহিছে ।

ABOUT THE AUTHOR

...view details