অসম

assam

ETV Bharat / city

গুৱাহাটীত নিৰ্মাণ কৰা হ'ল প্লাষ্টিকৰ পথ - পথটিৰ দৈৰ্ঘ্য এক কিলোমিটাৰ

নাৰেংগীৰ সেনা চাউনীত নিৰ্মাণ প্লাষ্টিকৰ পথ ৷ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পাইলট্ প্ৰজেক্টৰ অধীনত নিৰ্মাণ হৈছে পথটি ৷

পৰীক্ষামূলকভাৱে নিৰ্মাণ পথটি
পথ নিৰ্মাণত ব্যৱহাৰ পেলনীয়া প্লাষ্টিক

By

Published : Nov 30, 2019, 5:45 PM IST

Updated : Nov 30, 2019, 7:15 PM IST

গুৱাহাটী, 30 নৱেম্বৰ:প্লাষ্টিকৰ ব্যৱহাৰ ক্ষতিকাৰক বুলি গণ্য হোৱাৰ সময়তে,এক বিশেষ কামৰ বাবে অপৰিহাৰ্য অংশ হিচাপে গ্ৰহণ কৰা হৈছে প্লাষ্টিক ৷ শেহতীয়াকৈ কেইবা ঠাইতো পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হৈছে পথ ৷

17 জুলাইত নিৰ্মাণৰ কাম আৰম্ভ কৰা পথটি সম্পূৰ্ণ হয় 16 নৱেম্বৰত

এইবাৰ মহানগৰীৰ নাৰেংগীৰ সেনা চাউনীৰ ভিতৰত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে এক কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ ৷ অত্যাধুনিক প্ৰযুক্তিৰে স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পাইলট্ প্ৰজেক্টৰ অধীনত 1.2 মেট্ৰিক টন পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে পথটি। চলিত বৰ্ষৰ 17 জুলাইত নিৰ্মাণৰ কাম আৰম্ভ কৰা পথটি সম্পূৰ্ণ হয় 16 নৱেম্বৰত ৷

অত্যাধুনিক প্ৰযুক্তিৰে পৰীক্ষামূলক মূলকভাৱে নাৰেংগীৰ সেনা চাউনীৰ ভিতৰত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পথ

উল্লেখ্য যে,পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰা অত্যাধুনিক প্ৰযুক্তিৰ এই পথটি, উত্তৰ পূৰ্বাঞ্চলৰ সেনা চাউনীৰ প্ৰথমটো পথ ৷

পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হৈছে যাতায়াতৰ পথ

লগতে পঢ়ক: আৰ্ছেনিকৰ কৰাল গ্ৰাসত দৰঙৰ পাতি দৰঙ

Last Updated : Nov 30, 2019, 7:15 PM IST

ABOUT THE AUTHOR

...view details