অসম

assam

ETV Bharat / city

কেন্দ্ৰীয় গৃহৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মহানগৰীৰ পানীখাইটিস্থিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷

By

Published : Dec 6, 2020, 10:51 PM IST

A-ghy-6 dec-01-civil defense day-vis-as10003
পানীখাইটিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী, 6 ডিচেম্বৰঃ দেওবাৰে কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । মহানগৰীৰ পানীখাইটিস্থিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত উদযাপন কৰা হয় এই অনুস্থান । অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উন্নয়ন দপ্তৰ আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ।

পানীখাইটিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে গৃহৰক্ষী বাহিনী ৫ টা প্লাটোনৰ পৰা অভিবাদন গ্ৰহণ কৰে । লগতে মন্ত্ৰী গৰাকী উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিত ভাৱে প্ৰেৰণ কৰা ভাষণ পাঠ কৰে । ভাষণত গৃহৰক্ষী জোৱান সকলৰ প্ৰতিদিনৰ ভাট্টা ৩১৫ ৰ পৰা বৃদ্ধি কৰাৰ চিন্তা চর্চা অব্যাহত থকা বুলি মন্তব্য কৰে । অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ জোৱানৰ জৰিয়তে বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱা সময়ত কেনেকৈ দূর্গত সকলক উদ্ধাৰ কৰিব পাৰি তাৰ ওপৰত বিভিন্ন কৌশল প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক-বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details