অসম

assam

ETV Bharat / city

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত মহিলাসহ ৯ জনক গ্ৰেপ্তাৰ

মহানগৰীৰ বিভিন্ন স্থানত চলোৱা অভিযানত বুজন পৰিমাণৰ চুলাই মদ জব্দ । ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত ৬ জন সুৰাপায়ীৰ পৰা ১৪ হাজাৰ টকা জৰিমনা আদায় ৷

9 persons including women arrested in excise department raid in Guwahati
গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত মহিলাসহ ৯ জনক গ্ৰেপ্তাৰ

By

Published : Sep 16, 2021, 8:28 AM IST

গুৱাহাটী, 16 ছেপ্টেম্বৰ :কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগে বুধবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলায় ৷ অভিযানকাৰী দলে বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ জিলাখনৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী বিভাগৰ চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে যৌথভাৱে চলায় এই অভিযান ।

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান

আবকাৰী বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, উলুবাৰীৰ কছাৰীবস্তি, ফটাশিল আমবাৰী, ভূতনাথ ,গণেশগুৰি, জটিয়া, বেলতলা, ঘোঁৰামাৰা, আগষ্টক্ৰান্তি পথ, বামুণীমৈদাম, পাণ্ডু বজাৰত আবকাৰী বিভাগে চলায় এই অভিযান ৷ অভিযানৰ সময়ত বিভাগে প্ৰায় ৫০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰে । আনহাতে অভিযানকাৰী দলটোৱে মহিলাসহ ৯ জন বিক্ৰেতাক গ্ৰেপ্তাৰ কৰে ।

আনহাতে, এই অভিযানত ৬ জন সুৰাপায়ীক ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১৪ হাজাৰ টকা সংগ্ৰহ কৰে ৷ গ্ৰেপ্তাৰ কৰা ৯ গৰাকী সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ অধীনত গোচৰ ৰজু কৰি বুধবাৰে বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷ সম্প্ৰতি ন্যায়ালয়ে আটাইকেইগৰাকীক জেললৈ প্ৰেৰণ কৰা হৈছে ।

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান

উল্লেখ্য যে, গুৱাহাটী মহানগৰীক সুৰা মুক্ত কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী আটাইকেইটা সদৰত চুলাই মদৰ উপৰি দেশী-বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে ।

লগতে পঢ়ক :ক্ৰাইম ৰেকৰ্ডত ভয়াৱহ তথ্য : ২০২০ চনত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা অসমত

ABOUT THE AUTHOR

...view details