মঙলবাৰে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰাৰ বাবে সাজু হৈছে মোডী
ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ (EDFC) ৰ 'নিউ ভাউপুৰ-নিউ খুৰ্জা অংশ' মঙলবাৰে উদ্বোধন কৰা হ'ব ৷ মঙলবাৰে পুৱা 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰিব ৷
ভাৰতীয় ৰে'লৱে মুকলি কৰিলে Hospital Management Information System (HMIS)
ৰে'লৱে কৰ্মচাৰী সকলৰ সুবিধাৰ্থে ভাৰতীয় ৰে'লৱে আনুষ্ঠানিকভাৱে মুকলি কৰিলে Hospital Management Information System (HMIS) আৰু এটা মবাইল এপ ৷ সোমবাৰে এক ভিডিঅ কনফাৰেন্সৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰে ৰে'লৱে বৰ্ডৰ চেয়াৰমেন বিনোদ কুমাৰ যাদবে ৷
ৰাজ্যত মাদ্ৰাছা বন্ধৰ বাবে বিধানসভাত উত্থাপন বিধেয়ক
বিধানসভাত এক হুলস্থুলীয়া পৰিস্থিতিৰ মাজত উত্থাপিত হয় "দ্য আছাম ৰিপিলিং বিল ২০২০" । বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্থাপন কৰা এই বিধেয়কখন গৃহিত হ'লে অসমত মাদ্ৰাছা শিক্ষা সঞ্চালকালয় বন্ধ হৈ পৰিব ৷
200 ৰাণত অল আউট অষ্ট্ৰেলিয়া, ভাৰতক জয়ৰ বাবে প্ৰয়োজন 70 ৰাণৰ
200 ৰাণত দ্বিতীয় ইনিংছ সামৰিলে অষ্ট্ৰেলিয়া দলে ৷ বৰ্তমান ভাৰতক জয়ৰ বাবে প্ৰয়োজন 70 ৰাণৰ ৷
মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে লাষ্টগেটত শতাধিক মহিলাৰ প্ৰতিবাদ
বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতেই প্ৰতিবাদত উত্তাল দিশপুৰ লাষ্টগেট ৷ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত শতাধিক মহিলাৰ প্ৰতিবাদ ৷ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷ ঋণ ৰেহাইৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৷