অসম

assam

ETV Bharat / city

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি - 9 AM TOP TEN BULLETIN

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jan 18, 2021, 9:01 AM IST

সোমবাৰে অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা

21 ৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যিক বিজেপিত ৷ নিৰ্ধাৰিত সময়তকৈ কিছু আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ৷ সোমবাৰে অসমত উপস্তিত হ'ব মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা ৷

মেধিৰটাৰীত অনুষ্ঠিত মাঘ বিহু মেলা বাতিলৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

জনিয়াৰ মেধিৰটাৰীত অনুষ্ঠিত হোৱা মাঘ বিহুৰ মেলাত অশ্লীল নৃত্য প্ৰদৰ্শন কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ দেওবাৰে বৰপেটা জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে তৎকালীনভাৱে বাতিল কৰে এই মাঘ বিহু মেলা ৷

সত্যৰঞ্জন বৰা নৰ্মদাৰ কীট : ড৹ হাফিজ ৰফিকুল ইছলাম

দেওবাৰে বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তর্গত ৬৩ নং শওঁপুৰ গাঁও পঞ্চায়তৰ টি.এন.ডি বজাৰত এ আই ইউ ডিএফৰ সাধাৰণ সভাৰ আয়োজন ৷ সাধাৰণ তথা যোগদান সভাত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে নৰ্মদাৰ কীট বুলি মন্তব্য কৰে ৷

শাস্ত্ৰীয় সংগীতকাৰ ওস্তাদ গোলাম মুস্তাফা খানৰ দেহাৱসান

জনপ্ৰিয় ভাৰতীয় শাস্ত্ৰীয় সংগীতকাৰ ওস্তাদ গোলাম মুস্তাফা খান আৰু আমাৰ মাজত নাই ৷ দেওবাৰে দুপৰীয়া বান্দ্ৰাস্থিত বাসগৃহত নিশ্বাস ত্যাগ কৰে মহান সংগীতজ্ঞগৰাকীয়ে ৷ 89 বছৰ বয়সত ইহসংসাৰ ত্যাগ কৰে শাস্ত্ৰীয় সংগীতকাৰ ওস্তাদ গোলাম মুস্তাফা খানে ৷

মোৰাদাবাদত ক'ভিড টীকাকৰণ লাভৰ 24 ঘন্টাৰ ভিতৰত ৱাৰ্ড বয়ৰ মৃত্যু

মোৰাদাবাদত ক'ভিড টীকাকৰণ লাভৰ 24 ঘন্টাৰ ভিতৰত ৱাৰ্ড বয়ৰ মৃত্যু ৷ মৃত ৱাৰ্ড বয়জন মহিপাল ৷

গাজীপুৰ সীমান্তত পুনৰ এজন কৃষকৰ মৃত্যু

কৃষক আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদী কৃষকৰ পুনৰ এজনৰ মৃত্যু হৈছে ৷ কৃষকজনৰ ঘৰ কৃষক জনৰ নাম ধৰমবীৰ কাপাচিয়া জানিব পৰা গৈছে ৷

মুম্বাইত বাৰ্ড ফ্লু'ৰ আতংক : 24 ঘন্টাত মৃত্যু 214 পক্ষী

মহাৰাষ্ট্ৰত বাৰ্ড ফ্লু'ৰ আতংক ৷ মুম্বাইত 7 দিনত মৃত্যু 1296 পক্ষীৰ ৷

জয়ৰ পথলৈ উভটি আহিল নৰ্থ ইষ্ট ইউনাইটেড

দেওবাৰে আইএছএলৰ সপ্তম সংস্কৰণৰ এখন খেলত জামছেদপুৰ এফ ছিক 2-1 গ’লত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেডে ৷ এই জয়ৰ দ্বাৰাই সাতখন খেলত ধাৰাবাহিকভাৱে পৰাজয় হোৱাৰ ধাৰাক ভংগ কৰে নৰ্থ ইষ্ট ইউনাইটেডে ৷ এই বিজয়ে নৰ্থ ইষ্ট ইউনাইটেডক 16 পইন্টেৰে তালিকাৰ পঞ্চম স্থানত অধিষ্ঠিত কৰে ৷

26 জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ'ব মচজিদ নিৰ্মাণৰ কাম

অযোধ্যাত 26 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব মচজিদ নিৰ্মাণৰ কাম কাজ ৷ 26 জানুৱাৰীৰ দিনা ৰাতিপুৱা 8.30 মিনিটত ইয়াৰ শিলান্যাস কৰা হ'ব ৷ তাৰ আগতে 23 জানুৱাৰীত মচজিদ নিৰ্মাণৰ বাবে থকা 5 একৰ ভূমি পৰীক্ষা কৰা হ'ব ৷

ভাৰতৰ সৰ্ববৃহৎ শক্তি হৈছে ইয়াৰ জনগাঁথনিগত লাভালাভ : উপ ৰাষ্ট্ৰপতি

দেশৰ যুৱশক্তি চাকৰি বিচৰাতকৈ চাকৰি সৃষ্টি কৰ্তা হোৱাৰ বাবে যুৱক-যুৱতী সকলে কাম কৰাৰ মানসিকতাৰে কাম কৰি যোৱাৰ আহ্বান জনায় ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে ৷ ভাৰতৰ জনগাঁথনিগত লাভালাভক ভাৰতৰ সৰ্ববৃহৎ শক্তি বুলিও মন্তব্য় কৰে নাইডুৱে ৷

ABOUT THE AUTHOR

...view details