গুৱাহাটী, 19 আগষ্ট :ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ যোৰাবাটত বৃহস্পতিবাৰে পুৱা বশিষ্ঠ আৰক্ষীয়ে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ মণিপুৰৰ পৰা অহা এম এন-০৪-৯৮৬৬ নম্বৰৰ এখন ট্ৰাকত উদ্ধাৰ কৰে নিষিদ্ধ হেৰ’ইন । 60 টা চাবোনৰ বাকচত উদ্ধাৰ হৈছে প্ৰায় 660 গ্ৰাম হেৰ’ইন ৷
গোপন সূত্ৰৰ পম খেদি পুৱা প্ৰায় চাৰে চাৰি বজাত আৰক্ষীয়ে তালাচী অভিযান চলাই যোৰাবাটত ৷ মণিপুৰৰ পৰা অহা ট্ৰাকখনত তালাচী চলোৱাত ইঞ্জিনৰ ঢাকনিৰ ভিতৰত উদ্ধাৰ হয় হেৰ’ইনখিনি ৷ লগে লগে আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ দুয়োজন চালক এম ডি ৱাৰিছ ওৰফে অভয় আৰু জেনিচন টায়েনজামক ৷
লগতে পঢ়ক :১৮২৫ দিনত বলাৎকাৰৰ বলি ১৮,৬৯৩ গৰাকী শিশু কন্যা আৰু যুৱতী
দুয়োজনৰে পৰা হেৰ’ইনৰ লগতে আৰক্ষীয়ে জব্দ কৰে 45 হাজাৰ টকা আৰু দুটা ম’বাইল ফোন ৷ ড্ৰাগছসহ আটক হোৱা দুই ট্ৰাক চালকক পৰৱৰ্তী সময়ত লৈ অহা হয় বশিষ্ঠ থানালৈ ৷ জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় চাৰে চাৰি কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 1533/21 নম্বৰত বশিষ্ঠ থানাত এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ এই ড্ৰাগছৰ বিৰোধী সফল অভিযানৰ বাবে টুইটাৰযোগে অসম আৰক্ষীক প্ৰশংসা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷