অসম

assam

By

Published : Feb 4, 2020, 8:50 PM IST

ETV Bharat / city

ফিল্ম ফেয়াৰত থাকিব অসমৰ কলা-সংস্কৃতিৰ বিশেষ সম্ভাৰঃ জয়ন্ত মল্ল বৰুৱা

ফিল্ম ফেয়াৰকলৈ গুৱাহাটীৰ সৰুসজাইত ব্যাপক প্ৰস্তুতি ৷ সম্পন্ন হৈছে অসম পৰ্যটন উন্নয়ন নিগম আৰু দা টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ যাৱতীয় কাম-কাজ ৷

ফিল্ম ফেয়াৰত থাকিব অসমৰ কলা-সংস্কৃতিৰ বিশেষ সম্ভাৰঃ জয়ন্ত মল্ল বৰুৱা
ফিল্ম ফেয়াৰত থাকিব অসমৰ কলা-সংস্কৃতিৰ বিশেষ সম্ভাৰঃ জয়ন্ত মল্ল বৰুৱা

গুৱাহাটী, 4 ফেব্ৰুৱাৰীঃ অসমৰ মহানগৰী গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ফিল্ম ফেয়াৰকলৈ চলিছে এতিয়া ব্যাপক প্ৰস্তুতি । পৰ্যটন উন্নয়ন নিগম আৰু দা টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে ইতিমধ্যে সম্পন্ন কৰিছে যাৱতীয় কাম কাজ । অহা 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই বঁটা বিতৰণী অনুষ্ঠান ৷ মুঠ 8000 দৰ্শকে একলেগে উপভোগ কৰিব পাৰিব এই অনুষ্ঠান । যাৰবাৰে কেইবাটাও শিতানত মুকলি কৰা হৈছে ফিল্মফেয়াৰৰ টিকট ৷ শিক্ষাৰ্থীৰ বাবে 1000 টকাৰ পৰিৱৰ্তে সাধাৰণ ৰাইজৰ বাবে 2500 ৰ পৰা 3 লাখ টকালৈ নিৰ্ধাৰণ কৰা হৈছে টিকটৰ মূল্য ।

ইতিমধ্যেই প্ৰায় 2600 টিকট বিক্ৰী কৰা হৈছে বুলি জানিব পৰা গৈছে । অহা 6 ফেব্ৰুৱাৰীৰ পৰা পুনৰ বুক মাই শ্ব' আৰু অসম পৰ্যটন নিগমৰ ৱেবছাইটত উপলব্ধ হ'ব টিকট ।

ফিল্ম ফেয়াৰকলৈ গুৱাহাটীৰ সৰুসজাইত ব্যাপক প্ৰস্তুতি

এই অনুষ্ঠানৰ জৰিয়তে অসমৰ পৰ্যটনৰ ক্ষেত্ৰসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব বুলি দাবী কৰিছে অসম পৰ্যটন নিগমে । বৰ্তমান অসমৰ ঐতিহ্য আৰু বৈচিত্ৰময় সৌন্দৰ্যৰে পৰিস্ফুট চাৰিটাকৈ প্ৰ'মো ভিডিঅ' মুকলি কৰিছে ফিল্ম ফেয়াৰ কৰ্তৃপক্ষই । তাৰোপৰি ফিল্মফেয়াৰৰ মূল অনুষ্ঠানটো প্ৰদৰ্শিত কৰা হ'ব অসমৰ কলা-সংস্কৃতিয়ো ।

65 তম ফিল্ম ফেয়াৰ বঁটা

বলীউডৰ বহু নামী দামী তাৰকা 14 তাৰিখেই উপস্থিত হ'ব গুৱাহাটীত । এই কথা ইটিভি ভাৰতক জনালে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । মন্ত্ৰীগৰাকীয়ে লগতে কয়, এই ফিল্ম ফেয়াৰে অসম পৰ্যটনত এক ব্যাপক পৰিবৰ্তন সাধন কৰিব । ইফালে যোৱা কিছুদিন পূৰ্বে একাংশ শিল্পী আৰু জ্যেষ্ঠ নাগৰিকে ফিল্ম ফেয়াৰৰ বিৰোধিতা কৰিছিল ।

জুবিন গাৰ্গ

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে । জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে জেৰিফা ৱাহিদ, ৰবি শৰ্মাৰ দৰে শিল্পীক ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰি জুবিন গাৰ্গৰ দৰে জনপ্ৰিয় শিল্পীয়ে ফিল্ম ফেয়াৰ সমৰ্থন কৰিছে বুলি উল্লেখ কৰে জয়ন্ত মল্ল বৰুৱাই । মুঠৰ ওপৰত এনেদৰে আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজৰে গুৱাহাটীত চলি আছে দা টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ ফিল্মফেয়াৰ এৱাৰ্ডৰ প্ৰস্তুতি ।

লগতে চাওক- 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপঃ ফাইনেলত স্থান সুনিশ্চিত কৰিবলৈ ভাৰতক প্ৰয়োজন 173 ৰানৰ

ABOUT THE AUTHOR

...view details