গুৱাহাটী, ৫ আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাক ষড়যন্ত্ৰমূলকভাৱে ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি আম আদমী পাৰ্টী অসমৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Primary schools in Assam) । সোমবাৰে গুৱাহাটীৰ গণেশগুৰিত থকা আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আপ অসমৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই অভিযোগ কৰে (AAP Assam Unit) ৷ তেওঁ কয় যে, অসমৰ দুখীয়া আৰু সাধাৰণ মানুহৰ সন্তানৰ বাবে শিক্ষাক দুর্লভ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনতেই কচৰৎ আৰম্ভ কৰিছিল ৷
তেওঁ লগতে কয় যে, আজি মুখ্যমন্ত্ৰী হৈ তেওঁ এই ষড়যন্ত্ৰৰ সফল ৰূপ দিবলৈ আৰম্ভ কৰিছে । হিমন্ত বিশ্বই(Assam CM Himanta Biswa Sarma) কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ দিনত একেৰাহে প্রায় পোন্ধৰ বছৰ শিক্ষামন্ত্ৰী হৈ আছিল ৷ সেই সময়তে সর্বশিক্ষা অভিযানৰ দৰে অভিলাসী আঁচনিৰ জৰিয়তে কোটি কোটি টকা বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে মোকলাই দিছিল । কিন্তু তেওঁৰ শিক্ষা মন্ত্রিত্বৰ কালত অসমৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা বেয়াৰ পৰা অতি বেয়া অৱস্থালৈহে গতি কৰে ৷ তেওঁৰ অদক্ষতা আৰু কু-অভিসন্ধিৰ বাবে বছৰৰ পাছত বছৰ ধৰি চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নতি নহ'ল (Poor education system of Assam school) ৷
ৰাজেশ শৰ্মাই লগতে কয় যে, উচ্চ আৰু উচ্চতৰ স্তৰত শিক্ষকৰ নিযুক্তি বন্ধ কৰি থোৱাত হাজাৰ হাজাৰ শিক্ষকৰ পদ খালী হৈ পৰি থাকিল ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ শিক্ষা মন্ত্রিত্বৰ সময়তে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকলৰ আস্থা সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ল ৷ ফলত গাঁৱে-ভূঞে, চহৰে-নগৰে ব্যক্তিগত বিদ্যালয় ঠন ধৰি উঠিল আৰু চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহিল । চৰকাৰী বিদ্যালয় ধ্বংসৰ পোন্ধৰ বছৰীয়া এই ষড়যন্ত্ৰৰ অন্তত এতিয়া বিজেপি চৰকাৰে স্কুলত ছাত্র-ছাত্রীৰ অভাৱক দোহাই দি এফালৰ পৰা চৰকাৰী বিদ্যালয় বন্ধ কৰি গৈ আছে ।