গুৱাহাটী, ১৩ জুলাই: ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা । বানে জুৰুলা কৰা পাছত এইবাৰ ভূতৰ ওপৰত দানহ পৰা দি প্ৰাদুৰ্ভাৱ ঘটা জাপানীজ এনকেফেলাইটিছে অসমৰ সাত জিলাত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । অসমৰ কেইবাখনো জিলাত এই ৰোগ চিনাক্তকৰণ হোৱাৰ পিছত বৰ্তমান বহু ৰোগী চিকিৎসাধীন হৈ আছে বিভিন্ন চিকিৎসালয়ত(Japanese encephalitis cases in Assam) ।
এইবাৰ গুৱাহাটীৰ সমীপৱৰ্তী ডিমৰীয়াত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ(Death toll rises to 13 in Japanese encephalitis) । জানিব পৰা মতে, সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ তিনিজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে(3 affected in Japanese encephalitis in Sonapur Block PHC) । আক্ৰান্ত লোক তিনিজন হৈছে ক্ষেত্ৰী উলনিৰ যতীন্দ্ৰ নাথ কাকতি(৭৫), সোণাপুৰ যোগদলৰ জয়া দুৱৰা(৭০) আৰু পানীখাইটিৰ সন্তোষ কুমাৰ মাহাতো(১৩) নামৰ এটি কিশোৰ ।