গুৱাহাটী, 9 ফেব্ৰুৱাৰীঃ শনিবাৰৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ দ্বিতীয় সংস্কৰণ ৷ মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় এই সাহিত্য উৎসৱ ৷
মহানগৰীত আৰম্ভ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ - সাহিত্য
অসমীয়া সাহিত্যৰ সৈতে আন্তৰ্জাতিক সাহিত্যৰ মিলন ঘটাবলৈ শনিবাৰৰ পৰাই গুৱাহাটী মহানগৰীত আৰম্ভ হয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ৷ দেশী-বিদেশী ন-পুৰণি বহু লেখকে অংশগ্ৰহণ কৰিবলগীয়া এই উৎসৱত ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ৷
ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ
দেশ-বিদেশৰ বহু গুণী-জ্ঞানী লোকে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত পুৱাৰে পৰাই ভিৰ কৰিছেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় তথা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷ শনিবাৰে বিয়লি ভাগত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব এই সাহিত্য উৎসৱ ৷ আনহাতে দেওবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই ৷