অসম

assam

ETV Bharat / city

‘‘কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু সদস্যই যোগদান কৰিব বিজেপিত, আজি মাত্ৰ আৰম্ভণি হে” : প্ৰাক্তন সদস্য - লেখন হাজৰিকাৰ বিস্ফোৰক মন্তব্য

সোমবাৰে বিজেপিত যোগদান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভালে সংখ্যক কৰ্মীৰ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক লেখন হাজৰিকা, লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক ৰূপেশ্বৰ গগৈ, লখিমপুৰৰ জিলা সভাপতি বাপধন মিৰি, কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীলৰ প্ৰাক্তন সাংগঠনিক সম্পাদক হিৰণ্য হাজৰিকাৰ লগতে প্ৰায় 26 গৰাকী কৃষক মুক্তিৰ সদস্যই ৷

26 KMSS Member Join in BJP
26 KMSS Member Join in BJP

By

Published : Aug 31, 2020, 10:45 PM IST

গুৱাহাটী, 31 আগষ্টঃকৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভিতৰ চৰাত মেলিছে নেকি ফাট ? কিয়নো ৰাজনৈতিক দল খোলাৰ পূৰ্বেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতাই পাভলুটি মাৰি ধাৰণ কৰিছে গেৰুৱা বসন ৷ নাঙলৰ মুঠি এৰি পদুম ফুলৰ ওপৰত বহিবলৈ আগ্ৰহী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতা কৰ্মী ।

সোমবাৰে বিজেপিত যোগদান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভালে সংখ্যক নেতা-কৰ্মীৰ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক লেখন হাজৰিকা, লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক ৰূপেশ্বৰ গগৈ, লখিমপুৰৰ জিলা সভাপতি বাপধন মিৰি, কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীলৰ প্ৰাক্তন সাংগঠনিক সম্পাদক হিৰণ্য হাজৰিকাৰ লগতে প্ৰায় 26 গৰাকী কৃষক মুক্তিৰ সদস্যই ৷ এওঁলোকৰ লগতে সোমবাৰে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিলে ভাৰতীয় মজদুৰ সংঘৰ প্ৰাক্তন উপ সভাপতি বিৰেণ কৈৰী, সংঘৰ প্ৰাক্তন সদস্য মিন্ন ঘাটোৱাৰেও ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেব আন্দোলন

আনহাতে একালত বিজেপিৰ বিৰুদ্ধে বহা প্ৰাক্তন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য তথা একালৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক লেখন হাজৰিকাৰ বিজেপিত যোগদান কৰিয়েই কৃষক মুক্তিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ৷ হাজৰিকাৰ অভিযোগ কৃষক মুক্তিয়ে পুৰণিক বাদ দি কেৱল নতুনকহে আঁকোৱালি লয় । কেৱল গুৱাহাটীতেই সীমাবদ্ধ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাম কাজ ।সেয়েহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওপৰত আস্থা হেৰুৱাই গেৰুৱা বসন পিন্ধা বুলি কয় লেখন হাজৰিকাই ৷

একালত ‘কা’ বিৰোধীতা আৰু এতিয়া ‘কা’ ৰ সপক্ষে থিয় হৈ প্ৰাক্তন কৃষক নেতাগৰাকী পুনৰ কয়,টিভি বা আন সংবাদ মাধ্যমৰ জৰিয়তে দেখিছিল ‘কা’ বিৰোধী প্ৰতিবাদ । সেয়ে আৱেগৰ বশৱৰ্তী হৈ ‘কা’ বিৰোধ কৰিবলৈ ওলাই আহিছিল ৰাজপথলৈ ৷

ইপিনে বিজেপিত যোগদান দিয়াৰ পিছত নিৰ্বাচন খেলাৰ উদ্দেশ্য নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যদিও দলে বিচাৰিলে বিজেপি পদত অধিস্থিত হ’বলৈ আগ্ৰহী ন বিজেপি তথা প্ৰাক্তন কৃষক নেতা লেখন হাজৰিকা ।

উল্লেখ্য যে, সোমবাৰে বিজেপিত যোগ দিয়েই এটাৰ পাছত আন এটা বিস্ফোৰণ ঘটালে কৃষক মুক্তিৰ সদস্য সকলে ৷ “নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৃষক নেতা অখিল গগৈৰ সোঁ হাত, বাওঁহাত স্বৰূপ বহু কেইগৰাকী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই বিজেপিত যোগদান কৰিব । আজি মাত্ৰ আৰম্ভণি হে ।”বুলিও উল্লেখ কৰে ৷

পাছে ৰাজ্যিক বিজেপিৰ নেতৃত্বক সন্তুষ্ট কৰিবলৈ তেওঁলোকে এতিয়া যিয়েই নকওক কিয় কিন্তু পাভলুটি মৰা এইসকল ন বিজেপি সদস্যক কি বিশ্বাসত ল’ব বিজেপিৰ বৰমুৰীয়া সকলে ৷ সেইয়া আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

লগতে চাওক-ঘাট মাউৰা হোৱা চাৰি সন্তানৰ কৰুণ কাহিনী...

ABOUT THE AUTHOR

...view details