অসম

assam

ৰাজ্যৰ 7 খন কাৰাগাৰৰ 239 কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি

By

Published : Jul 17, 2020, 7:21 PM IST

ৰাজ্যৰ 7 খন কাৰাগাৰৰ 239 কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি ৷ ইটিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰে অসম চৰকাৰৰ কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে ।

239 Covid positive inmates in 7 jails in Assam
ৰাজ্যৰ 7 খন কাৰাগাৰৰ 239 কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি

গুৱাহাটী, 17 জুলাই :ৰাজ্যৰ 7 খন কাৰাগাৰত 16 জুলাই পৰ্যন্ত 239 গৰাকী কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ শুকুৰবাৰে ইটিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰে অসম চৰকাৰৰ কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে। পজিটিভ বুলি চিনাক্ত হোৱা কাৰাবন্দীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে 15 গৰাকী ইতিমধ্যে সুস্থ হৈ উঠিছে ।

ৰাজ্যৰ 7 খন কাৰাগাৰৰ 239 কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি

মন কৰিবলগীয়া যে,অসমত মুঠ কাৰাগাৰৰ সংখ্যা 31 খন । ইয়াৰে সাতখনৰে কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি লাভ কৰা হৈছে ৷ এই সাতখন কাৰাগাৰ হ'ল -

  1. গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ
  2. নগাঁও কাৰাগাৰ
  3. তেজপুৰ কাৰাগাৰ
  4. গোলাঘাট কাৰাগাৰ
  5. মঙলদৈ কাৰাগাৰ
  6. ধুবুৰী কাৰাগাৰ
  7. ওদালগুৰি কাৰাগাৰ ।

কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে প্ৰকাশ কৰা অনুসৰি,16 জুলাই পৰ্যন্ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত 612 গৰাকী কাৰাবন্দীৰ স্বাৱ পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে 206 গৰাকী পজিটিভ পোৱা গৈছে । গুৱাহাটী কাৰাগাৰত বন্দীৰ সংখ্যা হ'ল 911 গৰাকী । একেদৰে, 420 গৰাকী বন্দী থকা নগাঁও কাৰাগাৰত 21 গৰাকীৰ স্বাৱ পৰীক্ষাৰ অন্তত দুজনৰ শৰীৰত পজিটিভ ধৰা পৰিছে ।

514 গৰাকী কয়দী থকা তেজপুৰ কাৰাগাৰত স্বাৱ পৰীক্ষা কৰা হৈছে 64 জনৰ । ইয়াৰে পজিটিভ ধৰা পৰিছে দুজন । গোলাঘাট কাৰাগাৰত বন্দী আছে 370 গৰাকী, ইয়াৰে 42 গৰাকীৰ স্বাৱ পৰীক্ষা কৰা হৈছে আৰু 24 গৰাকী পজিটিভ ধৰা পৰিছে । মঙলদৈ কাৰাগাৰত বন্দী হৈ আছে 155 গৰাকী কাৰাবন্দী আৰু 34 গৰাকীৰ স্বাৱ পৰীক্ষাৰ অন্তত পজিটিভ ধৰা পৰিছে দুজন । তেনেদৰে, ধুবুৰী কাৰাগাৰত এজন বন্দীৰ শৰীৰত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । কাৰাগাৰখনত থকা বন্দীৰ সংখ্যা হ'ল 336 গৰাকী । তাৰ মাজৰ পৰা 53 গৰাকীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল । ওদালগুৰি কাৰাগাৰত আছে 222 গৰাকী কাৰাবন্দী । তাৰে 50 গৰাকীৰ স্বাৱ পৰীক্ষা কৰাৰ অন্তত দুজনৰ শৰীৰত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছে বুলি কাৰাগাৰ মহাপৰিদৰ্শক গৰাকীয়ে জানিবলৈ দিয়ে ।

আনহাতে, কোনো কাৰাগাৰতে ক'ভিড প্ৰট'কল ভংগ কৰি একেটা কোঠাতে বহু কাৰাবন্দী ৰখা হোৱা নাই আৰু অসম কাৰাগাৰ আইন 2013 ৰ মেনুৱেল মতেই কাৰাবন্দীসকলক ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে দশৰথ দাসে ৷

লগতে পঢ়ক :অসমৰ বান বিভীষিকাৰ কিছু জলন্ত দৃশ্য

ABOUT THE AUTHOR

...view details