অসম

assam

ETV Bharat / city

২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি ? - 2021 Assembly polls

জল্পনা-কল্পনা বাঢ়িছে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত । ২০২১ৰ বিধানসভা নিৰ্বাচনত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি ? বৰ্তমান অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত আছে সমষ্টিটো । আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত চৰ্চাত আছে দেৱান ধ্ৰুৱজ্যোতি মৰল, অশোক ভৰালী আৰু বাবু বৰুৱাৰ নাম ।

২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি?
২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি?

By

Published : Aug 28, 2020, 1:40 PM IST

Updated : Aug 28, 2020, 4:43 PM IST

গুৱাহাটী, 28 আগষ্ট :২০২১ত পশ্চিম গুৱাহাটী সমষ্টিত কাৰ আধিপত্য চলিব তাকে লৈ বৰ্তমান চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলত । বৰ্তমান অসম গণ পৰিষদৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত আছে পশ্চিম গুৱাহাটী সমষ্টি । ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক এৰি দিছিল ৫৪নং পশ্চিম গুৱাহাটী সমষ্টি । কিন্তু এতিয়া প্ৰশ্ন হৈছে যে, বিগত নিৰ্বাচনৰ দৰে এইবাৰো বিজেপিয়ে অগপক এৰি দিব নেকি গুৱাহাটীৰ গুৰুত্বপূৰ্ণ এই সমষ্টিটো ।

অশোক ভৰালী

অন্য আসনৰে বুজাবুজি হ'লেও এইবাৰ বি জে পিয়ে পশ্চিম গুৱাহাটী সমষ্টি অসম গণ পৰিষদক এৰি দিয়াৰ আশা ক্ষীণ বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে । ইতিমধ্যে বিজেপিৰ কেইবাগৰাকীও নেতাই সমষ্টিটোত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে । বিজেপিৰ ৰাজ্যিক মিডিয়া কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, বিজেপি নেতা অশোক ভৰালী আদিৰ নাম প্ৰাৰ্থীত্ব লাভৰ যুঁজত চৰ্চাত আছে ।

দেৱান ধ্ৰুৱজ্যোতি মৰল

ইয়াৰে দেৱান ধ্ৰুৱজ্যোতি মৰল সমষ্টিটোৰ স্থানীয় বাসিন্দা । তাৰোপৰি দলটোৰ সংবাদ বিভাগটো নিষ্ঠাৰে চোৱা-চিতা কৰি অহাৰ লগতে পশ্চিম গুৱাহাটী সমষ্টিত বিশেষ জনপ্ৰিয়তাও আছে । যদিহে সমষ্টিটোত বিজেপিয়ে তেখেতক প্ৰাৰ্থী ঘোষোণা কৰে তেন্তে ধ্ৰুৱজ্যোতি মৰলে অগ্ৰাধিকাৰ পাব বুলি গুজব উঠিছে । আনহাতে, বিজেপি নেতা তথা অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক অকোশ কুমাৰ ভৰালীয়েও সমষ্টিটোত বিশেষ তৎপৰতা আৰম্ভ কৰিছে । তেখেত টিকটৰ বাবে প্ৰৱল দাবীদাৰ বুলি চৰ্চিত হৈছে ।

ৰমেন্দ্ৰ নাৰায়ণ কলিতা

উল্লেখ্য যে, বিজেপিয়ে পশ্চিম গুৱাহাটী সমষ্টি অগপক এৰি নিদিলেও হাতীৰ চিহ্নতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই স্পষ্ট কৰি দিছে । ৫ বাৰকৈ এই সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে কলিতা । তেনেক্ষেত্ৰত এইটো সমষ্টিটোৰ বাবে যে দুই মিত্ৰদলৰ মাজত টনা-আঁজোৰা হ'ব সেয়া নিশ্চিত । ইফালে ন-কংগ্ৰেছী তথা গায়ক বাবু বৰুৱাই পশ্চিম গুৱাহাটীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে । ইতিমধ্যে সেয়া মুকলিকৈ তেখেতে ঘোষণা কৰিছে ।

বাবু বৰুৱা

পিছে কংগ্ৰেছে কাক টিকট দিয়ে সেয়া কিছুদিন পিছতহে স্পষ্ট হ'ব । যি কি নহওঁক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজত জল্পনা-কল্পনা তীব্ৰতৰ হৈছে ।

লগতে পঢ়ক :বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ হ'ব নোৱাৰে শিক্ষাৰ্থী : উচ্চতম ন্যায়ালয়

Last Updated : Aug 28, 2020, 4:43 PM IST

ABOUT THE AUTHOR

...view details