গুৱাহাটী, 6 জুন : আজি ঘোষিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ শীৰ্ষ দহটা স্থান দখল কৰিছে মুঠ ৪২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে । এইসকলৰ ভিতৰত ১৮ গৰাকী শিক্ষাৰ্থীয়েই অসমীয়া মাধ্যমৰ । এয়া অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিশ্চিতভাৱে এক সুখবৰ । এই খবৰে চৰকাৰী বিদ্যালয়সমূহলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ।
শীৰ্ষ ৪২ গৰাকীৰ ১৮ গৰাকীয়েই অসমীয়া মাধ্যমৰ প্ৰথম দহটা স্থানপ্ৰাপ্ত সকলৰ ভিতৰত পাঁচগৰাকী শিক্ষাৰ্থীয়েই হৈছে চৰকাৰী বিদ্যালয়ৰ । প্ৰথম স্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতা হৈছে দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ । কেৱল এয়াই নহয়, নলবাৰী জিলাৰ কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিৰকজ্যোতি বৈশ্যই পঞ্চম স্থান, শিৱসাগৰ জিলাৰ ফুলেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হিমাশ্ৰী বৰুৱাই ষষ্ঠ স্থান, নগাঁও জিলাৰ পলাশতল কাশামাৰী হাইস্কুলৰ ছাত্ৰী শিল্পীশিখা ডেকাই নৱম স্থান আৰু বঙাইগাঁও জিলাৰ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰেৰণা ডেকাই দশম স্থান অধিকাৰ কৰিছে ।
আনহাতে, অসমীয়া মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ৰ ভিতৰত নলবাৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ জ্যোতিস্মান দেৱ শৰ্মাই তৃতীয় স্থান, কামৰূপ জিলাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই চতুৰ্থ স্থান, ডিব্ৰুগড়ৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ মানস উত্তম নেওগে পঞ্চম স্থান, কামৰূপ জিলাৰ বেজেৰাৰ উদয়ন শান্তি নিকেতনৰ অংকুৰজ্যোতি বেজবৰুৱাই পঞ্চম স্থান, কামৰূপ জিলাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ নিখিলেশ দত্তই অষ্টম স্থান, শিৱসাগৰ জিলাৰ নামতি চাৰিআলিৰ জাতীয় বিদ্যা নিকেতনৰ অন্তৰীক্ষ হাজৰিকাই অষ্টম স্থান অধিকাৰ কৰিছে ।
একেদৰে, যোৰহাট কাকডোঙাৰ শংকৰদেৱ শিশু নিকেতনৰ ৰাজদ্বীপ বৰুৱাই নৱম স্থান, গোলাঘাট জাতীয় বিদ্যালয়ৰ নিহাৰীকা ভৰালীয়ে নৱম স্থান, নলবাৰী জিলাৰ বাহাৰঘাটৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মাছুম মেহতাব আৰু ইমন বৈশ্যই নৱম স্থান, গুৱাহাটী নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ অনন্যা মেধিয়ে নৱম স্থান, বৰপেটাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পূজা বেনাৰ্জীয়ে দশম স্থান আৰু কামৰূপ জিলাৰ ৰামদিয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ভাৰ্গৱজ্যোতি দাসে দশম স্থান অধিকাৰ কৰিছে ।