গুৱাহাটী, 4 জুলাই:ৰাজ্যত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি ৷ তথাপিও এই পৰ্যন্ত বানৰ কৱলত থকা ২৬ খন জিলাৰ ১৮ লক্ষাধিক লোক জলবন্দী হৈ আছে (Flood in Assam) । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (State Disaster Management Authorities) তথ্য মতে, ৰাজ্যৰ বৰ্তমান বানৰ কৱলত থকা ২৬ খন জিলাৰ ১৮ লক্ষাধিক লোকৰ ভিতৰত কাছাৰ, মৰিগাঁও আৰু বৰপেটা জিলাতেই আছে প্ৰায় চাৰে তেৰ লাখ লোক ।
তথ্য মতে, কাছাৰ জিলাত আজিও দহ লক্ষাধিক লোক বানত আবদ্ধ হৈ আছে । কাছাৰৰ পাছতেই মৰিগাঁও জিলাত ১.৭৫ লাখ লোক আৰু বৰপেটা জিলাত ১.৩৫ লাখ লোক বর্তমানেও বানৰ কৱলত আছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ২৬ খন জিলাৰ ৬৫টা ৰাজহ চক্ৰৰ ১৬১৮খন গাঁৱৰ(1618 villages of 25 districts still under water) ১৮ লাখ ৩৫ হাজাৰ ৫৫১ জন লোক বানত আবদ্ধ হৈ আছে ৷
পানীত বুৰ গৈ থকা ১৬১৮ খন গাঁৱৰ ভিতৰত কাছাৰ, মৰিগাঁও আৰু বৰপেটা জিলাৰেই ১০২৫ খন গাঁও আছে । কাছাৰৰ ৪৫৪ খন, মৰিগাঁৱৰ ২৯৯ খন আৰু বৰপেটাৰ ২৭২ খন গাঁও আজিও পানীৰ তলত ৷ আনহাতে, ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৪৭ হাজাৰ ১৯৮ হেক্টৰ কৃষিভূমি এই পৰ্যন্ত বানৰ পৰা মুক্ত হোৱা নাই । ৰাজ্যৰ ৪১৩ টা আশ্ৰয় শিবিৰত বর্তমানেও দুই লাখ ৭৮ হাজাৰ ৬০ গৰাকী বন্যাৰ্তই আশ্ৰয় লৈ আছে ।