গুৱাহাটী, 7 আগষ্ট :দুমাহতকৈও অধিক দিন বানৰ কবলত ককবকাই থকা ৰাজ্যৰ 27 খনকৈ জিলাৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ'বলৈ ধৰিছে । বান ক্ৰমে হ্ৰাস পাবলৈ ধৰাত আশ্ৰয় শিবিৰত থকা লোকসকল নিজ নিজ ঘৰমুৱা হৈছে । ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 10 খনকৈ জিলাৰ 158 খন গাঁও এতিয়াও বাঢ়নী পানীৰ তলত আছে ।
বর্তমানেও বানৰ কবলত থকা এই 158 খন গাঁৱৰ 74 হাজাৰতকৈও অধিক লোক বানৰ ফলত প্ৰভাৱিত হৈ আছে । ৰাজ্যত কালৰূপ ধাৰণ কৰা নৈ-উপনৈ সমূহৰ জলস্তৰ হ্ৰাস পাইছে যদিও মহাবাহু ব্ৰহ্মপুত্ৰ যোৰহাট জিলাৰ নিমাতিঘাটত বৰ্তমানেও বিপদ সীমাৰ ওপৰেৰে বৈ আছে । 158 খন গাঁও বৰ্তমানেও বানপানীৰ ফলত প্ৰভাৱিত হৈ থকাৰ বাবে 5 খনকৈ চৰকাৰী আশ্ৰয় শিবিৰত 409 গৰাকী লোক আশ্ৰয় লৈ আছে ।