অসম

assam

ETV Bharat / city

ৰাজ্যজুৰি উদযাপিত হ'ল শিশু দিৱস - ৰাজ্যজুৰি উদযাপিত হ'ল শিশু দিৱস

14 নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশজুৰি পালন কৰা হয় শিশু দিৱস ৷ শিশুসকলৰ মৰমৰ নেহেৰু খুড়া নামে জনা গৈছিল পণ্ডিত নেহৰুক ৷

ৰাজ্যজুৰি উদযাপিত হল শিশু দিৱস

By

Published : Nov 14, 2019, 11:39 PM IST

নিউজ ডেস্ক,14 নৱেম্বৰ: বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উলহ মালহেৰে পালন কৰা হ'ল শিশু দিৱস ৷ শিশু দিৱসৰ এই বিশেষ দিনটোত গুৱাহাটীত যদি শিশুৰ সুৰক্ষাৰ অৰ্থে অসম চৰকাৰে মুকলি কৰিলে মবাইল এপ ৷ লখিমপুৰত মিঠা তেল সনা কলগছত উঠি গছত উলমি থকা 100 টকাৰ নোট আনিবলৈ যোৱা শিশুৰ দৃশ্যই আমোদ যোগালে সকলোকে ৷

গোৱালপাৰাতো ব্যতিক্ৰমী ৰূপত পালন কৰা হ'ল শিশু দিৱস ৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা ইন্টাৰনেটে শিশুসকলৰ জীৱন ক্ৰমান্বয়ে কংক্ৰীটত পৰিণত কৰিছে তেনে সময়তে শাচিবৰীত শিশুসকলৰ মাজত দেখা গ'ল গ্ৰাম্য ক্ৰীড়াৰ এক মনোগ্ৰাহী দৃশ্য ৷

ইয়াৰোপৰি এই বিশেষ দিনটোত মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়টো গীতে মাতে উদযাপিত হ'ল শিশু দিৱস ৷ শিশু অৱস্থাৰ পৰাই যাতে শিশুসকল মানসিক তথা বৌদ্ধিক বিকাশ সবল হয় তাৰ ওপৰত গুৰুত্ব দি জাতীয় বিদ্যালয়ে শিশুসকলৰ মাজত আয়োজন কৰিলে ভেশচন,গীত,নৃত্যকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ৷ ঠিক সেইদৰেই নগাঁৱৰ বটদ্ৰৱাটো শুভাযাত্ৰাৰে এম কে আদৰ্শ জাতীয় বিদ্যালয়ৰ কণ কণ শিশুসকলে স্মৰণ কৰিলে নেহৰু খুড়াক ৷ লগতে ৰাজ্যৰ বিভিন্ন স্থানত উদযাপিত হোৱা শিশু দিৱস কাৰ্যসূচীত দেশৰ ভৱিষ্যত শিশুসকলক নেহৰুৰ আদৰ্শক জীয়াই ৰখাৰ বাবে আহ্বান জনালে উদ্যোক্তাই ৷ এই সমগ্ৰ বিষয় সামৰি চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

লগতে চাওকঃ চাৰিশ শিশুৱে একেলগে চিনেমা চালে মহানগৰীৰ অনুৰাধা ছবিগৃহত

ABOUT THE AUTHOR

...view details