নাহৰকটীয়া, 5 জুন:আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস । বিশ্ব পৰিৱেশৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হ’ল । নাহৰকটীয়া চাইকেল ক্লাৱে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গ্ৰহণ কৰে বিশেষ পদক্ষেপ ।
নাহৰকটীয়াত পুৱাই প্ৰাতঃভ্ৰমণলৈ যোৱা প্ৰতিগৰাকী ব্যক্তিক একোটাকৈ গছ পুলি উপহাৰ দিয়ে চাইকেল ক্লাৱৰ সদস্য সকলে । তদুপৰি পুৱা চলাচল কৰা প্ৰতিগৰাকী যান-বাহনৰ চালকক উপহাৰ দিয়ে একোটাকৈ গছ পুলি ।
নাহৰকটীয়াত প্ৰাতঃভ্ৰমণলৈ যোৱা ব্যক্তিক গছপুলি উপহাৰ প্ৰকৃতিয়ে আমাক বহু কিছু দিছে আমিহে প্ৰকৃতিক একো দিব পৰা নাই । সেয়েহে প্ৰকৃতিৰ ভাৰসাম্য যাতে সুৰক্ষিত হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি চাইকেল ক্লাৱৰ সদস্য সকলে একোটাকৈ গছ পুলি উপহাৰ দি সকলোকে প্ৰকৃতিক সুৰক্ষাত মনোনিবেশ কৰিবলৈ আহ্বান জনায় ।
ক’ভিডৰ মহামাৰীৰ সময়ত আমি যিদৰে অক্সিজেনৰ বাবে হাহাকাৰ কৰিব লগা হৈছে এনে পৰিৱেশ যাতে পুনৰ সৃষ্টি নহয় তাৰ বাবে সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায় । কেৱল পৰিৱেশ দিৱসৰ দিনটোতে নহয় নিজৰ জন্ম দিন, বিশেষ উৎসৱ পাৰ্বন অথবা ঘৰুৱা বিশেষ অনুষ্ঠানৰ দিনা একোটাকৈ গছ পুলি ৰোপণ কৰিবলৈয়ো সকলোকে আহ্বান জনায় নাহৰকটীয়াৰ চাইকেল ক্লাৱৰ সদস্য সকলে ।
লগতে পঢ়ক :নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা