অসম

assam

By

Published : Jun 5, 2022, 6:55 PM IST

ETV Bharat / city

World Environment Day: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন

আজি বিশ্ব পৰিৱেশ দিৱস (World Environment Day) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানত পালন কৰা হৈছে পৰিৱেশ দিৱস (World environment day celebrated in Assam) ৷ বৰপেটা, মৰাণ, নলবাৰীতো পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ৷

world-environment-day-celebrations-in-different-parts-of-assam
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন

নিউজ ডেস্ক, 5 জুন: আজি বিশ্ব পৰিৱেশ দিৱস ৷ "এক বৃক্ষ দহ পুত্ৰ সম", এই মহান বাক্যশাৰী আধাৰতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰোপন কৰা হৈছে গছপুলি (World Environment Day celebrations in different parts of Assam) ৷ সমগ্ৰ দেশৰ লগতে অসমতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে (World environment day celebrated in Assam) ৷

মৰাণ: সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়টো পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ৷ বগীবিল দলঙৰ সংযোগী 52নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ১০,০০০ কৈ গছপুলি ৰোপন কৰিলে সদৌ অসম ছাত্ৰ সন্থাই (World environment day celebrated at Moran) ৷ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (AASU general secretary Sankorjyoti Baruah) ৷

বিশ্ব পৰিৱেশৰ দিনাই সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ (Brahmaputra Cracker and Polymer Limited) যুটীয়া উদ্যোগত বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই গছ পুলি ৰোপন কাৰ্যসূচী হাতত লোৱা হয় ৷ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই কাৰ্যসূচী শুভাৰম্ভণি কৰি কয়, "ছাত্ৰসন্থাৰ গছ পুলি ৰোপনৰ মূল উদ্দেশ্য হৈছে উঠি অহা নতুন প্ৰজন্মক থলুৱা প্ৰজাতিৰ সৈতে গছ-গছনি চিনাক্তকৰণ কৰা ।"

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন

পথৰ দুয়োকাষে যেতিয়া গছপুলিবোৰে ফুলে-ফলে জুতিস্কাৰ হৈ উঠিব পৰ্যটকৰ কেন্দ্ৰীয় বিন্দু হৈ পৰিব, চৰাই-চিৰিকতিৰ বাসস্থানৰ কেন্দ্ৰীয় হৈ উঠিব বুলি আশা প্ৰকাশ কৰে সাধাৰণ সম্পাদগৰাকীয়ে ।

বৰপেটা:বৰপেটাত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে এক ব্যতিক্ৰমী ধৰণে পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস ৷ তেওঁলোকে পৰিয়ালৰ ককাক-আইতাক, পিতৃ-মাতৃ বা আত্মীয়জনৰ স্মৃতিত ৰোপণ কৰে একোটাকৈ গছপুলি (World environment day celebrated in Barpeta) ৷

ইফালে, বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈ ৰোপন কৰে গছপুলি ৷ বৰপেটা জিলা নিৰ্বাচন বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ জৰিয়তে বৰপেটাৰ বিভিন্ন বিদ্যালয়ত গছ পুলি ৰোপন কৰা হয় ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন

সমান্তৰালকৈ দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো (Dakshin Barpeta Vidyamandir Higher Secondary School ) বনবিভাগৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত পৰিবেশ দিৱস পালন কৰা হয় । এই গছ পুলি কাৰ্যসূচীত বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ (DC Tej Prasad Bhusal) উপস্থিতি থাকে ৷

নলবাৰী:ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰেকৈ নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঁহজানীৰ মাধাপুৰত, অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে অঞ্চলটোৰ কৱৰস্থানত গছ পুলি ৰোপনেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে (World environment day celebrated in Nalbari) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উদযাপন থলীত বাঁহজানী অঞ্চলৰ বিশিষ্ট নাগৰিকসকলক সম্বৰ্দ্ধনা জনোৱা হয় । অনুষ্ঠানত উপস্থিত থাকে সাধাৰণ জাতি বিকাশ পৰিষদৰ সভাপতি অজিত বৰ্মন, অসম যুৱ পৰিষদ নলবাৰী জিলা সভাপতি শশীন্দ্ৰ শৰ্মা, অসম গণ পৰিষদৰ বাঁহজানী মণ্ডলৰ সভপতি গুণেশ্বৰ দাস আদি কৰি বহু গুনি মানী ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :World Environment Day: ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন

ABOUT THE AUTHOR

...view details