অসম

assam

ETV Bharat / city

চাবুৱাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ - হাতীআলিৰ জনৈক দাস

ভোট গ্ৰহণৰ আগমুহূৰ্তত শুকুৰবাৰৰ নিশাৰ ভাগত ১২১ নং চাবুৱা বিধানসভা সমষ্টিত বৃহৎ পৰিমাণৰ সুৰা জব্দ ৷ ফ্লাইং স্কোৱাডে এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে বৃহৎ পৰিমানৰ বিদেশী সুৰা ৷

চাবুৱাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ
চাবুৱাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

By

Published : Mar 27, 2021, 7:37 AM IST

চাবুৱা,27 মাৰ্চঃভোট গ্ৰহণৰ আগমুহূৰ্তত শুকুৰবাৰে নিশা ১২১ নং চাবুৱা বিধানসভা সমষ্টিত বৃহৎ পৰিমাণৰ সুৰা জব্দ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

চাবুৱাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত হাতীআলি চাইডিঙত নিশা ভোটাৰক বিতৰণ কৰাৰ উদ্দেশ্যে হাতীআলিৰ জনৈক দাস উপাধিৰ ঘৰত মজুত থকা বৃহৎ পৰিমানৰ বিদেশী সুৰা জব্দ হয় ৷ ফ্লাইং স্কোৱাডে এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে বৃহৎ পৰিমানৰ বিদেশী সুৰা । অৱশ্যে কোন দলৰ প্ৰাৰ্থীৰ হৈ ভোটাৰক বিতৰণ কৰিবলৈ আনিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ঘৰৰ গৰাকী দাস উপাধিৰ ব্যক্তিজন বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃকংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ হৈ প্ৰচাৰ চলালে সাংসদ গৌৰৱ গগৈয়ে

ABOUT THE AUTHOR

...view details