অসম

assam

ETV Bharat / city

ETV Exclusive : ডিব্ৰুগড়ত পুনৰ হ’ব নেকি লক্ ডাউন ! - কৰ’ণা ভাইৰাছ

ডিব্ৰুগড়ত পুনৰ লক্ ডাউন হ'ব নেকি ইয়াক লৈ এক প্ৰকাৰে দৈনিক ঠায়ে-ঠায়ে চলিছে সৰৱ চৰ্চা । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক্সক্লুচিভ সাক্ষাৎকাৰত কি ক'লে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

ETV Exclusive : ডিব্ৰুগড়ত পুনৰ হ’ব নেকি লক্ ডাউন !
ETV Exclusive : ডিব্ৰুগড়ত পুনৰ হ’ব নেকি লক্ ডাউন !ETV Exclusive : ডিব্ৰুগড়ত পুনৰ হ’ব নেকি লক্ ডাউন !

By

Published : Aug 1, 2020, 1:36 AM IST

ডিব্ৰুগড়, 1 আগষ্ট : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা ৷ ভয়াৱহ ৰূপত বৃদ্ধি পোৱা কৰ’ণাক লৈ চিন্তিত এতিয়া বহু সচেতন ৰাইজ ।গণসংক্ৰমণলৈ ৰূপান্তৰ হ'ব ধৰা পৰিস্থিতিক লৈ যেনেকৈ এফালে আতংকিত সৰ্বসাধাৰণ আনফালে কিন্তু লক্ ডাউনৰ প্ৰসংগতো যথেষ্ট চৰ্চা ৰাইজৰ মাজত । লক্ ডাউনক লৈ মাজে মাজে বিয়পিচে উৰা বাতৰিও । নিজৰ প্ৰয়োজনীয় সামগ্ৰী যুগুতাই লোৱা, অতি প্ৰয়োজনীয় কাম কাজ সম্পূৰ্ণ কৰা ইত্যাদিৰ লগতে মুক্ত জীৱন প্ৰক্ৰিয়াত আহি পৰা কেতবোৰ নিষিদ্ধতাৰ বাবে লক্ ডাউনৰ প্ৰয়োজনীয়তা-অপ্ৰয়োজনীয়তা গুৰুত্ব বৃদ্ধি পাইছে । ইয়াৰ মাজতে দৈনন্দিন খাটি খোৱা জনৰ বাবে লক্ ডাউনৰ আইনী নিৰ্দেশনা অহা মানেই জীৱন জীৱিকালৈ নামি আহে চিন্তা ৷

ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা

সেয়ে ডিব্ৰুগড়ত পুনৰ লক্ ডাউন হ'ব নেকি ইয়াক লৈ এক প্ৰকাৰে দৈনিক বিভিন্ন ঠায়ে-ঠায়ে চলিছে সৰৱ চৰ্চা। প্ৰকৃত তথ্য বিচাৰি বহু সৰ্বসাধাৰণে হাবাথুৰি খাই থকাৰ সময়তে ইটিভি ভাৰতে ডিব্ৰুগড়বাসীলৈ পুনৰ লক্ ডাউনৰ সম্ভাৱনা কিমান তাৰ সঠিক তথ্য লৈ আহিছে ।

সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন, হ’ব নেকি ডিব্ৰুগড়ত পুনৰ লক্ ডাউন ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক্সক্লুচিভ সাক্ষাৎকাৰত কি ক'লে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত প্ৰতি মূহুৰ্তৰ ক’ভিড সংক্ৰমণৰ তথ্য চৰকাৰক অৱগত কৰি থকা হৈছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ ফালৰ পৰা । চৰকাৰৰ অনুমোদন আহিলেই জিলা প্ৰশাসনে পৰিস্থিতি লক্ষ্য কৰিব লগতে একে সময়তে জিলা প্ৰশাসনে নতুনকৈ মুকলি কৰা টেষ্টিং চেণ্টাৰত অধিক পৰিমাণৰ লোকৰ টেষ্ট কৰিবলৈ সক্ষম হ'লে সম্পূৰ্ণ লক্ ডাউনতকৈ কিমান কণ্টেইনমেন্ট জ'ন ঘোষণা কৰি কভিড সংক্ৰমণ ৰোধ কৰিবলৈ পৰা যায় তাৰ ওপৰত অধিক গুৰুত্ব দিব বুলি কয় ।

ডিব্ৰুগড়ত লক্ ডাউন সন্দৰ্ভত উপায়ুক্তৰ মন্তব্য

তথাপিও জিলা প্ৰশাসনে ৰাজ্য চৰকাৰৰ সৈতে নিয়মিত যোগাযোগত আছে, যদি লক্ ডাউন বা তেনে কোনো পৰিস্থিতিৰ উদ্ভৱ হয় তেন্তে জনসাধাৰণৰ সুবিধাৰ্থে পৰ্যাপ্ত সময় দি এই বিষয়ে অৱগত কৰা হ’ব বুলি কয় ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ লগতে ৰাইজ চিন্তিত (Panic) হোৱাৰ কোনো কাৰণ নাই বুলিও উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ।

লগতে চাওক-অসম চৰকাৰলৈ ভূটানৰ নৃপতিৰ কৃতজ্ঞতা প্ৰদান

ABOUT THE AUTHOR

...view details