মৰাণ, 25 আগষ্ট: এটি নাবালিকাৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় মৰাণৰ সমীপৰ খুমটাই চাহ বাগিচাত(Child Death in Khumtai Tea Estate ) । খুমটাই চাহ বাগিচাৰ সাগৰ তাঁতী আৰু বিদ্যা তাঁতীৰ ৬ বছৰীয়া কন্যা পৰী তাঁতীৰ বুধবাৰে নিশা হঠাৎ অসুস্থ হোৱাত ওচৰৰ খুমটাই চাহ বাগিচাৰ চিকিৎসায়লৈ নিয়ে । চিকিৎসালয়খনত কোনো চিকিৎসক নথকাত নাৰ্চে সামান্য ঔষধ দি তিলৈ ৰাজ্যিক চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে ।
বাগানৰ এম্বুলেঞ্চেৰে তিলৈলৈ শিশুটিক অনা হয় যদিও শিশুটিৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে ডিব্ৰুগড় মেডিকেললৈ(Dibrugarh Medical College and Hospital) নিবলৈ অনুমতি দিয়ে । একেখন এম্বুলেঞ্চতে শিশুটিক মেডিকেললৈ নিয়া হয় যদিও আধাবাটতে এম্বুলেঞ্চখন বিকল হৈ পৰে । ইফালে মেডিকেল পোৱাৰ পিছতে শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে । এই ঘটনাক কেন্দ্ৰ কৰিয়েই আজি খুমটাই বাগানৰ চিকিৎসালয়খনত স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।