অসম

assam

ETV Bharat / city

Presidential Election 2022 : দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ পাচত জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত বিজয় উৎসৱ - দ্ৰুৌপদী মূৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত

দ্ৰুৌপদী মূৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শুকুৰবাৰে ডিব্ৰুগড়ৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ে অনুষ্ঠিত কৰে বিজয় উৎসৱ (Victory celebrations at Moran Blind School after Draupodi Murmu wins ) ।

victory celebrations at Moran Blind School after Draupodi Murmu wins presidential-election 2022
দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ পাচত জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত বিজয় উৎস

By

Published : Jul 22, 2022, 10:54 PM IST

ডিব্ৰুগড়, 22 জুলাই: দ্ৰুৌপদী মূৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দেশজুৰি বৈছে আনন্দৰ লহৰ (Draupodi Murmu wins Presidential Election 2022) । এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ডিব্ৰুগড় । শুকুৰবাৰে ডিব্ৰুগড়ৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ে দ্ৰুৌপদী মূৰ্মু দেশৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছতে অনুষ্ঠিত কৰে বিজয় উৎসৱ (Victory celebrations at Moran Blind School after Draupodi Murmu wins ) ।

জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ চৌহদত ঝুমুৰৰ তালে তালে নৃত্য কৰাৰ লগতে মিঠাই খাই আনন্দ কৰে ছাত্ৰ- ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে । দ্ৰুৌপদী মূৰ্মুক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ ফুলৰ মালাৰে সজাই তুলিলে বিদ্যালয়ৰ কৰ্তৃপক্ষই ।

দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ পাচত জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত বিজয় উৎসৱ

উল্লেখ্য যে 1971 চনত মৰাণৰ ডোমৰদলং গাঁৱত কেৱল দুগৰাকী দৃষ্টিহীন শিক্ষাৰ্থীৰে আৰম্ভ কৰা বিদ্যালয়খন বৰ্তমান দেশৰ এখন আগশাৰীৰ অন্ধ বিদ্যালয় হিচাপে পৰিগণিত হৈছে ৷ সম্প্ৰতি প্ৰায় 4 কুৰি শিক্ষাৰ্থী আৰু শিক্ষকেৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ পৰিণত হৈছে বিদ্যালয়খন ।

ঔফুলীয়া চাহ বাগিচাৰ পৰিচালক মেজৰ এছ.এন বেনাৰ্জীৰ তত্ত্বাৱধানত অন্ধ বিদ্যালয়খনে অগ্ৰগতি লাভ কৰিছিল ৷ মেজৰ এছ.এন বেনাৰ্জীৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীৰ পৰিচালনাত সম্প্ৰতি মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয় দেশৰ ভিতৰতে এখন পূৰ্ণ পৰ্যায়ৰ দৃষ্টিহীন বিদ্যালয় ৰূপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক:Presidential Election 2022 : দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ পাচত বোকাখাতত বিজয় উৎসৱ

ABOUT THE AUTHOR

...view details