ডিব্ৰুগড়,15মাৰ্চ: 18 মাৰ্চত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া অষ্টাদশ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । 18 মাৰ্চত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া সমাৱৰ্তনত উপ ৰাষ্ট্ৰপতিৰ লগতে অসমৰ ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য্য জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যও উপস্থিত থাকিব । ইপিনে এই অষ্টাদশ সমাৱৰ্তন সমাৰোহতে অসমৰ সাহিত্য জগতৰ বৰেণ্য ব্যক্তি, বিশিষ্ট কবি নীলমণি ফুকনক সাহিত্য, শিক্ষা আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অবদানৰ বাবে সন্মানীয় ডি.লিট উপাধি প্ৰদান কৰাৰ লগতে বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ধৱ ভৰালীক ডি.এচ চি সন্মানেৰে সন্মানীত কৰিব বিশ্ববিদ্যালয়খনে । আনহাতে মুঠ 114 গৰাকীক পি এইচ ডি, 78 গৰাকী এম ফিল, 1598 গৰাকী স্নাতকোত্তৰ আৰু 8816 গৰাকীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহৰ প্ৰস্তুতি - DU_Convocation
সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু
সংবাদমেলত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষ
উল্লেখ্য যে, দেশৰ অন্যান্য বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ডিগ্ৰী প্ৰাপকসকলে পৰিধান কৰা ইউৰোপীয়ান আৰ্হিৰ সাজ-পোছাকৰ পৰিবৰ্তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত সকলোৱে পৰিধান কৰিব অসমৰ বিভিন্ন জনগোষ্ঠীয় সমূহৰ পৰম্পৰাগত সাজ-পোছাক । সংবাদ মেলত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক সৰীশ চন্দ্ৰ মহন্ত, উপ পঞ্জীয়ক বিনোদ বড়াৰ লগতে অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে ।