অসম

assam

ETV Bharat / city

ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়াৰ নামত উদ্ভণ্ডালিঃ এজনক আটক - ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত

মহৰম উপলক্ষে একাংশ উদণ্ড লোকে ডিব্ৰুগড়ৰ ৰাজপথত গুণ্ডাৰাজত লিপ্ত হয় আৰু ক্ষতিসাধন কৰে কেইবাখনো যান - বাহন ৷ তাজিয়াৰ মিছিলত অংশগ্ৰহণকাৰী উদণ্ড লোকসকলে ডিব্ৰুগড় আৰক্ষীৰ সন্মুখতে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড ৷

ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়াৰ নামত উদ্ভণ্ডালি

By

Published : Sep 11, 2019, 11:21 PM IST

Updated : Sep 11, 2019, 11:32 PM IST

ডিব্ৰুগড়, 11 ছেপ্তেম্বৰ : মহৰম উপলক্ষে একাংশ উদণ্ড লোকে ডিব্ৰুগড়ৰ ৰাজপথত গুণ্ডাৰাজত লিপ্ত হয় আৰু ক্ষতিসাধন কৰে কেইবাখনো যান-বাহনৰ ৷ তাজিয়াৰ মিছিলত অংশগ্ৰহণকাৰী উদণ্ড লোকসকলে ডিব্ৰুগড় আৰক্ষীৰ সন্মুখতে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড ৷ এই ঘটনাৰ পাছতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তাৰোপৰি, ক্ষতিসাধন হোৱা গাড়ীৰ গৰাকীসকলে ডিব্ৰুগড় আৰক্ষী থানাত এক গোচৰো ৰুজু কৰিছে ৷

ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়াৰ নামত উদ্ভণ্ডালি

ডিব্ৰুগড়ৰ তাজিয়া উদযাপন কমিটিয়ে সমগ্ৰ ঘটনা অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰাৰ লগতে এচাম দুষ্ট চক্ৰই বদনাম কৰাৰ লক্ষ্যৰে এনে ঘটনা সংঘটিত কৰিছে বুলি মন্তব্য কৰে । সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে এই ঘটনাত জড়িত ফুলকন হোছেইন নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে ৷

ঘটনাত জড়িত ফুলকন হোছেইনক আটক
ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়াৰ নামত উদ্ভণ্ডালি
Last Updated : Sep 11, 2019, 11:32 PM IST

ABOUT THE AUTHOR

...view details