মৰাণ, 18 অক্টোবৰ : কাতি বিহুৰ দিনাখনেই ডিব্ৰুগড় জিলাৰ মৰাণত শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে টিপ চাঁকি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷
অভিযোগ অনুসৰি, মৰাণ সমষ্টিৰ ধেমেচী গাঁও পঞ্চায়তৰ অন্তৰ্গত দেওধাই বঙালী গাঁৱৰ ৰাইজৰ দীৰ্ঘদিনৰ পৰাই বিদ্যুতৰ সংযোগ নথকাত এনেদৰে দলে বলে ৰাইজ ওলাই আহি গাঁওখনৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে বিধায়ক চক্ৰধৰ গগৈৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে, প্ৰায় 70 টা পৰিয়াল থকা গাঁওখনত আজিকোপতি হোৱা নাই বিদ্যুৎ সংযোগ । টিপ চাঁকিৰ পোহৰত দিন অতিবাহিত কৰা পৰিয়াল সমূহে অতি কষ্টৰে অতিবাহিত কৰিছে জীৱন । ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়াশুনা কৰাৰ ক্ষেত্ৰতো সমস্যা সৃষ্টি কৰা এই সমস্যা সন্দৰ্ভত বিদ্যুৎ বিভাগৰ লগতে স্থানীয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক ৰাইজে অৱগত কৰিছে যদিও আজিলৈকে সুফল পোৱা নাই বুলি মন্তব্য প্ৰদান কৰে।
উপায়ন্তৰ ৰাইজে এই প্ৰতিবাদৰ জৰিয়তে গাঁওখনত বিদ্যুৎ সংযোগ কৰিবলৈ দাবী জনোৱাৰ উপৰিও দাবী মানি নললে ভোট বৰ্জনৰ দৰে পদক্ষেপ লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ।
লগতে পঢ়ক :বিপিএফক ক্ষতি কৰিব নোৱাৰে বিজেপিয়েঃ অঞ্জলি দৈমাৰী