অসম

assam

ETV Bharat / city

চৰাইদেউত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক - Dibrugarh Police

চৰাইদেউৰ চফ্ৰাইত বুজন পৰিমাণৰ গাঞ্জাসহ দুই যুৱক আটক ৷ আটকাধীন গাঞ্জা সৰবৰাহকাৰী দুটাৰ নাম কিৰণ কোঁৱৰ আৰু মোবাৰক আলী বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে দুই গাঞ্জা সৰবৰাহকাৰীক আৰক্ষীৰ জেৰা অব্যাহত ৷

Two people arrested with huge amount of Ganja At Saraideu
চৰাইদেউত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

By

Published : Aug 3, 2021, 3:57 PM IST

Updated : Aug 3, 2021, 4:19 PM IST

মৰাণ, 3 আগষ্ট : সমগ্ৰ ৰাজ্যতেই ড্ৰাগছ (Drugs) তথা বিভিন্ন নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অধিক তীব্ৰ ৰূপত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো (Dibrugarh District) বিভিন্ন নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী (Dibrugarh Police) সস্তম হৈ পৰিছে ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে লাখ লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু কেইজন ড্ৰাগছ সৰবৰাহীক গ্ৰেপ্তাৰ কৰিছে ৷

সমান্তৰালকৈ চৰাইদেউতো চলিছে নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ মঙলবাৰে জিলাখনৰ চফ্ৰাইত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক (Arrest) কৰিছে আৰক্ষীয়ে । আটকাধীন গাঞ্জা সৰবৰাহকাৰী দুটা চফ্ৰাই মোহন গাঁৱৰ কিৰণ কোঁৱৰ আৰু চফ্ৰাই ষ্টেচনৰ মোবাৰক আলী বুলি জানিব পৰা গৈছে । দীৰ্ঘদিন ধৰি গাঞ্জা সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে যুৱক দুজনৰ বিৰুদ্ধে । চফ্ৰাই আৰক্ষী চকী আৰু চফ্ৰাই অঞ্চলৰ তিনিখন গাঁওৰক্ষী বাহিনীৰ যুটীয়া অভিযানত জব্দ কৰা হয় গাঞ্জাখিনি ।

চৰাইদেউত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

লগতে পঢ়ক -লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

অসম-নাগালেণ্ড সীমান্তৰ নামতোলাৰ পৰা এখন নম্বৰবিহীন বাইকত গাঞ্জাখিনি সৰবৰাহ কৰাৰ সময়তে আটক হয় দুই গাঞ্জা সৰবৰাহকাৰী । চফ্ৰাই আৰক্ষী তথা গাঁওৰক্ষী বাহিনীয়ে আটকাধীন যুৱক দুজনক ইতিমধ্যে সোণাৰি আৰক্ষী থানাত চমজাই দিয়াৰ পাছত সোণাৰি আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাব নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ আঁৰত আৰু কোন কোন লোক জড়িত হৈ আছে ৷

একেদৰে সোমবাৰে বিয়লি কাৰ্বি আংলং জিলা আৰক্ষীয়ে অভিযান চলাই ধনশিৰিত হেৰ'ইনসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু ছেত্ৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত ধনশিৰিত এক অভিযান আৰম্ভ কৰিছিল ৷

উক্ত অভিযানত আৰক্ষীয়ে এখন ক'লা ৰঙৰ স্কৰপিঅ' বাহনৰ পৰা বুজন পৰিমানৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ হোৱা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কমেও ছয় লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে সৰবৰাহকাৰী দলটোৱে বাহনখনৰ তেলৰ টেংকিত কৌশলেৰে ড্ৰাগছখিনি লুকুৱাই আনিছিল ৷

লগতে পঢ়ক - ধনশিৰিত বুজন পৰিমানৰ ড্ৰাগছ জব্দ

Last Updated : Aug 3, 2021, 4:19 PM IST

ABOUT THE AUTHOR

...view details