মৰাণ, 27 অক্টোবৰ :ডিব্ৰুগড়ত কিশোৰৰ ওপৰত নিৰ্যাতন চলোৱা অভিযোগত আৰক্ষীয়ে বুধবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ডিব্ৰুগড়ৰ উপকণ্ঠ অঞ্চলৰ গ্ৰীনউড চাহ বাগিচাৰ এখন হোটেলত সংঘটিত হৈছিল এই ঘটনা ৷ আৰক্ষীয়ে আটক কৰা মূল অভিযুক্ত দুজন হৈছে টেটুন গুৱালা আৰু হৰিনন্দ গুপ্তা বুলি জানিব পৰা হৈছে ।
এখন বাইক পাৰ্কিং কৰাক লৈ টেটুন গুৱালা নামৰ লোকজনে হৰিনন্দ গুপ্তাৰ হোটেলত কাম কৰা দহ বছৰীয়া কিশোৰটিক চৰ, কিল, ভুকু সোধাইছিল ৷ এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হয় । ইয়াৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।