ডিব্ৰুগড়, 13 অক্টোবৰ:ডিমৌৰ ১০ জনকৈ যুৱকক মৰাণ থানাৰ ভিতৰত ভৰাই আৰক্ষীৰ সৈতে লগ লাগি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত হোৱা দুই যুৱকে বৃহস্পতিবাৰে ডিব্ৰুগড় আদালতত আত্মসমৰ্পণ কৰে । যুৱকদ্বয় ক্ৰমে দুদুল লেখাৰু আৰু মানৱ হাজৰিকা বুলি জানিব পৰা গৈছে ৷ মৰাণ থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি দুয়োজন অভিযুক্ত যুৱকৰ ওপৰত কেচ নং ১০১/২২ ধাৰা নং ৩৪১/৩৪২/৩২৩/৪২৭/৩৪ আই পি চি আৰোপ কৰা হৈছে ।
ইতিমধ্যে উক্ত ঘটনাটোৰ ওপৰত তদন্ত চলি আছে বুলি উল্লেখ কৰি ঘটনাটোত নাম সাঙোৰ খাই পৰা আৰক্ষী উপ পৰিদৰ্শক ভৱেন দত্তৰ ওপৰতো তদন্ত চলি থকা বুলি চক্ৰ পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, 7 অক্টোবৰত ডিমৌৰ 10 গৰাকী যুৱকে অৰুণাচল প্ৰদেশৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম শেষ কৰি ঘূৰি আহি মৰাণৰ পেচিফিকা ইন ধাবাত আহাৰ গ্ৰহণ কৰিবলৈ সোমায় (Youth allegedly molest OC wife) ৷ সেই একেখন ধাবাতে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে (OC Bijay Daimary)পত্নীৰ সৈতে আহাৰ গ্ৰহণ কৰি আছিল ৷