মৰাণ, 6 জুলাই :পশ্চিমবংগত অনুষ্ঠিত হোৱা 11 South Asian Ashihara karate Championship 2022 ত পুনৰ সাফল্য অসমৰ আন এগৰাকী খেলুৱৈৰ ৷ ভূটান, নেপাল, শ্ৰীলংকাকে ধৰি পাঁচখন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ চাহ বাগিচাৰ খেলুৱৈ ৰাজিনা গুৱালাই ৷ ২৪ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ৷
ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাত শ্ৰমিক হিচাপে কৰ্মৰত এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে পুৱা 7 বজাৰৰ পৰা বিয়লি 4 বজাৰলৈ বাগিচাত কাম কৰিবলগীয়া হয় । ইয়াৰ পিছতে ৰাজিনাই এখন বোকাময় পথাৰত নিজৰ খেলৰ বাবে অনুশীলন কৰে । ঘৰৰ আৰ্থিক দুৰ্বলতাৰ বাবে বাগিচাত কাম কৰাৰ এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে অনুশীলন কৰিবৰ বাবে এখন উপযুক্ত খেলপথাৰ নোপোৱা বুলি আক্ষেপ প্ৰকাশ কৰে ।