অসমতে উপলব্ধ হ'ব কৰ্কট ৰোগৰ বিনামূলীয়া অত্যাধুনিক চিকিৎসা
ৰাজ্যৰ দুখীয়া কৰ্কট ৰোগীৰ বাবে সুখবৰ ৷ অসম চৰকাৰ-টাটা ট্ৰাষ্টৰ যৌথ সহযোগত অসমতে দুখীয়া কৰ্কট ৰোগীয়ে বিনামূলীয়াকৈ পাব অত্যাধুনিক চিকিৎসা ৷ স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন-অটল অমৃত অভিযান ছ'চাইটিৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ ৷
Independence Day: ধেমাজিৰ কাছাৰী ময়দানত প্ৰস্তুতি জিলা প্ৰশাসনৰ
মাজত আৰু কেইঘণ্টামান বাকী ৷ দেওবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হ’ব 75 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে ধেমাজিৰ কাছাৰী ময়দানতো জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে ৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ মাত্ৰ আৰক্ষীৰ চাৰিটা দলেহে পেৰেডত অংশ ল’ব ৷ যাৰ বাবে তেওঁলোকে ইতিমধ্যে চলাইছে অনুশীলন । এই সময়চোৱাত যাতে জিলাখনত কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত হ’ব নোৱাৰে, তাৰ বাবে ব্যাপক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে জিলা প্ৰশাসনে ৷
কেনেকৈ জন প্ৰকাশ ৰাওৰ পৰিচয় হৈ পৰিছিল জনি লিভাৰ ?
ভাৰতৰ ষ্টেণ্ড-আপ কমেডিয়ানসকলৰ মাজৰ অন্যতম জনি লিভাৰে 64 বছৰত ভৰি দিলে ৷ জনি লিভাৰ হিচাপে পৰিচয় লাভ কৰালৈকে অভিনেতাগৰাকী সন্মুখীন হৈছিল কঠোৰ সংগ্ৰামৰ ৷ সপ্তম শ্ৰেণীতে বিদ্যালয় এৰিব লগা হোৱাৰ পাচত এটা কোম্পানীত কাম কৰাৰ পৰা আৰম্ভ কৰি জনি লিভাৰ হোৱালৈ অভিনেতাগৰাকীয়ে স্বীকাৰ কৰিব লগা হৈছিল বহু কষ্ট ৷
Happy Birthday সুনিধি চৌহান
আজি বলীউডৰ মঞ্চ কঁপাই থকা গায়িকা সুনিধি চৌহানৰ জন্মদিন ৷ প্ৰায় 4 বছৰ বয়সৰ পৰাই গীত গাবলৈ আৰম্ভ কৰিছিল সুনিধিয়ে ৷ শিল্পীগৰাকীলৈ থাকিল জন্মদিনৰ বহু শুভকামনা ৷
স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ 50 % লোক
ক'ভিড পৰিস্থিতিৰ মাজত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ক্ষেত্রত চৰকাৰীভাৱে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা । মুকলি ঠাই বা খেলপথাৰত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ১৫০০ তকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ।