বিনামূলীয়া নামভৰ্তিৰ ধনৰ হিচাপ দিব লাগিব চৰকাৰক
ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয়(letter of Director of Higher Education)আৰু ৩৩৭ খন মহাবিদ্যালয়লৈ উচ্চ শিক্ষা সঞ্চালকৰ জৰুৰী পত্ৰ । অসম চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয় আৰু ৩৩৭ খন মহাবিদ্যালয়ক নামভৰ্তি আৰু পাঠদান মাচুল হিচাপে মুঠ ৮১ কোটি ৭১ লাখ ৪৭ হেজাৰ ৫৭৫ টকা আদায় দিছিল । ২৬ আগষ্টৰ ভিতৰত পুঁজিৰ ব্যৱহাৰিক প্রমাণপত্র দাখিলৰ নির্দেশ ।
সোণাপুৰত বেদখলকাৰীৰ বিৰুদ্ধে জনজাতি সংগঠনৰ ধৰ্ণা
অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদত উত্তাল সোণাপুৰ । সোণাপুৰৰ জনজাতি খণ্ড আৰু বেষ্টনী(Tribal Belt Block of Sonapur)বেদখলকাৰী পূর্বাঞ্চল চিমেন্ট কোম্পানীৰ লগতে অবৈধ কাৰখানাসমূহ উচ্ছেদ কৰাৰ দাবীত জনালে প্ৰতিবাদ ।
উৰিত ভাৰতীয় সেনাৰ গুলীত নিহত তিনি অনুপ্ৰৱেশকাৰী
উৰিত তিনিটাকৈ অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা সেনা বাহিনী আৰু বাৰমুল্লা আৰক্ষীৰ ৷
বহিঃৰাজ্যত তিনিদিনৰ পৰা নিৰুদ্দেশ ৰঙিয়াৰ যুৱক
আকৌ নিৰুদ্দেশ অসম যুৱক ৷ এইবাৰ বহিঃৰাজ্যত বিগত তিনিদিনৰ পৰা নিৰুদ্দেশ হৈ আছে ৰঙিয়াৰ উদিয়ানাৰ যুৱক আখতাৰ হুছেইন (22) (Youth from Rangia missing for many days) ৷ কোনো দুষ্ট লোকে যুৱকজনক অপহৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
আমগুৰিত বিধ্বস্ত পথ মেৰামতিৰ দাবী ৰাইজৰ
পথ মেৰামতিৰ দাবীত আমগুৰিত ৰাজপথলৈ ওলাই আহিল পুৰুষ-মহিলা (Amguri public protest)। স্থানীয় বিধায়কে ৰাইজক প্ৰৱঞ্চনা কৰাৰ অভিযোগ । বিজেপি চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৰাইজৰ ।