মৰাণ,17 জুলাই : ৰাজ্য চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈ থকা সময়ত খোদ সাংসদ তপন কুমাৰ গগৈৰ (Tapan Gogoi) গৃহ সমষ্টিত ঠায়ে ঠায়ে সৃষ্টি হৈছে ভয়ানক গৰাখহনীয়া । চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ (Sonari Constituency) অন্তৰ্গত সাপেখাতিৰ এটা অতি গুৰুত্বপূৰ্ণ পথ এতিয়া গৰাখহনীয়াৰ কৱলত। সম্প্ৰতি সাপেখাতিৰ চটিয়নাগুৰিৰপৰা ঐতিহাসিক নেফা আলি সংযোগী পথটো নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে ।
টিমন নৈৰ গৰাখহনীয়াৰ কৱলত পৰি পথটো এতিয়া নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন । চটিয়নাগুৰি, টাইৰাই, টিয়কহাবিকে ধৰি কেইবাখনো গাঁও সংলগ্ন পথটো কিছু বছৰৰপৰা টিমন নৈৰ গৰাখহনীয়াত জাহ যোৱাত মাত্ৰ পথটোৰ আধা অংশহে বাকী আছে খহনীয়াৰ কৱলত পৰিবলৈ । ইফালে প্ৰতি বছৰে গৰাখহনীয়া ৰোধৰ নামত সীমিত পৰিমাণৰ শিল পেলায়েই দায়িত্ব সামৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷