মৰাণ, 14 জুলাই : ডিব্ৰুগড় জিলাৰ মৰাণৰ ২ নং দিখাৰি ৰূপালী আত্মসহায়ক গোটৰ সদস্যা সকলে দাঙি ধৰিছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন ৷ এই আত্মসহায়ক গোটটোৰ দীপিকা দিহিঙীয়া, ৰুনু গগৈ, লিলি গগৈ নামৰ সদস্যা কেইগৰাকীয়ে প্ৰায় দুবিঘা মাটিত ৰোপন কৰিছে প্ৰায় ৭০০ জোপা পাণ ৷ এই পান খেতিৰ পৰা তেওঁলোকে বছৰি লাভ কৰিছে ১ লাখ ৪০ হাজাৰ টকা । কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ জৈৱিক সাৰ প্ৰয়োগ কৰিয়েই উৎপাদন কৰিছে পাণ ৷
২০১৯ চনৰ পৰাই পাণ খেতি কৰি অহা এই উদ্যমী মহিলা কেইগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে বেংকৰ পৰা 1 লাখ টকা ঋণ লৈ প্ৰথমে এই পাণ খেতি আৰম্ভ কৰিছিল । বৰ্তমান পান খেতিসমূহ পৈণত হোৱাত প্ৰতি সপ্তাহতে বিক্ৰী কৰিব পৰা হৈছে ৷ উৎপাদিত পাণ বিক্ৰী কৰিয়েই বেংকৰ ঋণ পৰিশোধ কৰাৰ উপৰিও তিনিও গৰাকীয়ে নিজৰ পৰিয়ালো পোহ-পাল দিবলৈ সক্ষম হৈছে ।
এই পাণ খেতিৰে পৰিয়ালটো পোহ পাল দিয়াৰ উপৰিও স্বাৱলম্বী হৈ উঠিছে মৰাণৰ এই তিনিগৰাকী উদ্যমী মহিলা । যিটো সময়ত মাইক্ৰফাইনেঞ্চৰ পৰা ঋণ লৈ বহু মহিলাই ঋণ ঘূৰাব নোৱাৰি প্ৰতিবাদ কৰিব লগা হৈছে, তেনেসময়তে বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বীতাৰ এক নিৰ্দশন দেখুৱাইছে মৰাণৰ এই কেইগৰাকী মহিলাই ।