অসম

assam

ETV Bharat / city

আলফা(স্বা)ত যোগদানৰ প্ৰস্তুতি চলোৱা তিনি যুৱকক আটক

আলফা(স্বা)ত যোগদানৰ প্ৰস্তুতি চলোৱা তিনি যুৱক আটক ৷ সেনাই যুৱক তিনিজনক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷

By

Published : Dec 30, 2019, 11:53 AM IST

আলফা(স্বা)ত যোগদানৰ প্ৰস্তুতি
তিনি যুৱকক আটক

ডিব্ৰুগড়, 30 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ত যোগ দিয়াৰ চেষ্টা চলাইছে উজনি অসমৰ একাংশ যুৱকে ৷ পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনত যোগাযোগৰ প্ৰস্তুতি চলাই থকা তিনিচুকীয়া জিলাৰ পাঁচ কিশোৰ-যুৱক ইতিমধ্যে আটক হোৱাৰ পাছত ডিব্ৰুগড় জিলাতো একাংশ যুৱকে সংগঠনটোত যোগদান কৰাৰ বাবে আগবাঢ়ি অহাৰ তথ্য লাভ কৰা হৈছে ৷ এনে তিনিগৰাকী যুৱকক সেনাই নিৰ্দিষ্ট তথ্যৰ আধাৰত ডিব্ৰুগড় জিলাৰ নামৰূপৰ পৰা আটক কৰাৰ পাছত দেওবাৰে বিয়লি আৰক্ষীক গতাই দিয়ে ৷

তিনি যুৱকক আটক

উল্লেখ্য যে,হাওৰাঘাট বেলওগুৰিৰযীশু বৰা,নাহৰকটীয়া গেঠুপথাৰৰ বিদ্যুৎ চাৰিঙীয়ানামৰ যুৱক দুজনক আলফাত যোগদান কৰাবৰ বাবে সাজু কৰি তুলিছিল ৰণ্টু সোণোৱালনামৰ এগৰাকী আলফা সদস্যই ৷ খোৱাঙৰ ৰহমাৰীৰ এইগৰাকী যুৱকৰ পৰা সেনা আৰক্ষীয়ে উদ্ধাৰ কৰে গুলীসহ এটা পইন্ট ২২ পিষ্টলৰ লগতে আলফা স্বাধীনৰ পতাকা ৷ এই কথা সদৰী কৰিছে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক জিৎ টিয়ে ৷

আৰু পঢ়ক : নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত মূলসুতিলৈ উগ্ৰপন্থীৰ বৃহৎ দল

ABOUT THE AUTHOR

...view details