মৰাণ, 16 জুন : ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Bishwa Sharma) ই মুখ্যমন্ত্ৰী হিচাবে শপত লোৱাৰ পাছতেই সষ্টম হৈ পৰিছে গৃহ বিভাগ ৷ বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী বিভাগ ৷
ৰাজ্যৰ চুকে কোণে ড্ৰাগছ বিৰুদ্ধে অভিযানত জব্দ হৈছে ড্ৰাগছ, আটক কৰা হৈছে সৰবৰাহকাৰীক ৷ ইফালে তিনিচুকীয়া জিলাৰ দুলীয়াজানতো নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ মাৰাথান অভিযান অব্যাহত আছে ।
দুলীয়াজানত তিনি ড্ৰাগছ সেৱনকাৰী আটক বিশেষকৈ ড্ৰাগছ আৰু গাঞ্জা ব্যৱসায়ীৰ লগতে সেৱনকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । বুধবাৰে দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই তিনিজন ড্ৰাগছ সেৱনকাৰী যুৱকক আটক কৰে ।
ধৃত যুৱক তিনিজন হৈছে দুলীয়াজানৰ কমলাবাৰী বিক্ৰম পথৰ সুৰজ গগৈ, দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক অঞ্চল 'এ' টাইপ ৫৮৬ আৱাসগৃহৰ মনোজ কুমাৰ বাল্মীকি আৰু কমলাবাৰী ধুবিঘাট অঞ্চলৰ সমীৰ চেতিয়া । আৰক্ষীয়ে ধৃত দলটোৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত ২৬২/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক :মুক্ত আকাশৰ তলত দেবাংগনা : কি ক’লে মাতৃয়ে ?