মৰাণ, 20 ফেব্ৰুৱাৰী :ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত ২৫ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব(Srimanta Sankardev Sangha Adhiveshan at Naharkatia) উত্তৰ পূৱ ভাৰতৰ অন্যতম সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন(Srimanta Sankardev Sangha annual conference)৷ ক'ভিড প্ৰটক'ল অনুসৰি সীমিত পৰিসৰেৰে আৰু মিতব্যয়ীতাৰে আয়োজন কৰা হ'ব এই অধিৱেশনখন ৷
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশনৰ পূৰ্বে শনিবাৰে উন্মোচন কৰা হ'ল এটি শীৰ্ষ গীতৰ(the titled song of Srimanta Sankardev Sangha) ৷ অধিৱেশনখনিৰ তাৎপৰ্য আৰু ডিব্ৰুগড় জিলাৰ ঐতিহ্য, সংস্কৃতি ইত্যাদিক সাঙুৰি প্ৰস্তুত কৰা হৈছে এই শীৰ্ষ গীতটি ৷ গীতটিৰ কথা হিতেশ শইকীয়াৰ, সুৰ নিগৰাইছে বিশিষ্ট সংগীত শিল্পী বিপিন চাওদাং, অমল গগৈ আৰু হিতেশ শইকীয়াই ৷ গীতটিত কণ্ঠদান কৰিছে বিপিন চাওদাং আৰু কল্পনা মৰাণে ৷
মৃণাল কুমাৰ বৰুৱা, অমল গগৈ আৰু কল্পনা মৰাণৰ সংলাপ, ভাস্কৰ নিলমৰ সংগীত ব্যৱস্থাপনা আৰু শব্দ সংযোজনেৰে সৃষ্ট এই গীতটোৰ পৰিকল্পনা আৰু প্ৰকাশ কৰি উলিয়াইছে ৯১ সংখ্যক বাৰ্ষিক অধিবেশনৰ আদৰণি সমিতিয়ে ।