মৰাণ,9 ফেব্ৰুৱাৰীঃ ডিব্ৰুগড জিলা টেঙাখাতৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিল এটা সু-খবৰ । বহু প্ৰতীক্ষাৰ অন্তত টেঙাখাত মহাবিদ্যালয়ত সোমবাৰে মুকলি কৰা হ'ল কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ এটা পাঠদান কেন্দ্ৰ ।
সোমবাৰে টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিৰণ হাজৰিকাৰ উপৰিও জিলাখনৰ দহখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপস্থিতিত উক্ত পাঠদান কেন্দ্ৰটি আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ উক্ত পাঠদান কেন্দ্ৰটো মুকলি কৰে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ কন্দৰ্প কুমাৰ দাসে ।