মৰাণ, 14 ছেপ্টেম্বৰ:এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মনত বৰ দুখ(Class five Students) । কাৰণ আগন্তুক শিক্ষাবৰ্ষত তেওঁলোকে এৰি যাব লাগিব আপোন বিদ্যালয়খন । যাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকক জনালে সমজুৱা আবেদন । যাতে একেখন বিদ্যালয়তে তেওঁলোকৰ বাবে ষষ্ঠ শ্ৰেণীত পঢ়াৰ ব্যৱস্থা কৰি দিব লাগে ।
হয়, এখন বিশেষ আবেদন । আবেদনখন লিখিছে এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ(Teacher gets a unique application from student) । অনুৰোধ যাতে পঞ্চম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকক অন্য বিদ্যালয়লৈ যাব দিয়া নহয় । সৰল মনা শিক্ষাৰ্থীসকলৰ প্ৰৱল ইচ্ছা যাতে তেওঁলোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ পাঠদানৰ ব্যৱস্থাও একেখন বিদ্যালয়তে কৰি দিয়া হয় ।
আপোন পঢ়াশালিখনৰ প্ৰতি কিমান ভালপোৱা থাকিলে এনে এখন আবেদন লিখিব পাৰে শিক্ষাৰ্থীয়ে ! তাতে এখন চৰকাৰী বিদ্যালয় । টিংখাঙৰ 2 নং গড়গুৰি গাঁৱৰ পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বিদ্যালয় প্ৰীতিৰ অপূৰ্ব নিদৰ্শন এইয়া । 1967 চনত স্থাপিত হোৱা পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয়ত বৰ্তমান 60 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুজন স্থায়ী শিক্ষক আৰু এগৰাকী অবৈতনিক শিক্ষয়িত্ৰী ।
জয়পুৰ শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয়খনে আন দহখন বিদ্যালয়ৰ তুলনাত এক সুকীয়া চানেকি তুলি ধৰিবলৈ সক্ষম হৈছে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক অজিত গগৈ আৰু সহঃ শিক্ষক গোপাল বৰাই নেৰানেপেৰা প্ৰচেষ্টা, অশেষ ত্যাগ আৰু দূৰদৰ্শী চিন্তাৰে বিদ্যালয়খন অঞ্চলটোৰ ভিতৰতে জিলিকাই তুলিবলৈ সক্ষম হৈছে । নানাৰঙী ফুলেৰে পৰিবেষ্টিত বিদ্যালয়ৰ চৌহদ ।