ডিব্ৰুগড়,17ছেপ্টেম্বৰ : বুধবাৰে মৰাণৰ বামুনবাৰী চাহ বাগিছাত অসম চাহ মজদুৰ সংঘ,বামুনবাৰী চাহ বাগিছাৰ প্ৰাথমিক ইউনিট আৰু চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদৰ অন্তত বাগিছাৰ পৰিচালকৰ হাতত প্ৰদান কৰা হয় এখন স্মাৰক পত্ৰ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ইউনিটৰ সভাপতি অজয় হালৈ,সম্পাদক বিনামু তাঁতি,আটছা কেন্দ্ৰীয় সমিতিৰ সদস্য বাবুল চাহু,মৰাণ শাখা আটছাৰ সহ সম্পাদক দীপক চাহু আৰু জিতেন মুণ্ডা ৷
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত উত্তাল মৰাণ - বামুনবাৰী চাহ বাগিছাৰ প্ৰাথমিক ইউনিট
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক কেন্দ্ৰ কৰি বুধবাৰে উত্তাল হৈ পৰে ডিব্ৰুগড় জিলাৰ মৰাণ ৷ অঞ্চলত অসম চাহ মজদুৰ সংঘই সাব্যস্ত কৰে প্ৰতিবাদ ৷
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত উত্তাল মৰাণ
অন্য এক খবৰৰ বাবে: অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত জলেশ্বৰৰ শতাধিক ৰাইজ
উল্লেখ্য যে,অসমৰ চাহ শ্ৰমিকসকলে দীৰ্ঘদিনে দাবী জনাই আহিছে মজুৰি বৃদ্ধিৰ বাবে ৷ চাহ জনগোষ্ঠীয় সংগঠন আৰু চাহ মজদুৰ সংঘই বহু সময়ে মজুৰি বৃদ্ধিৰ দাবীত নানা ধৰণৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো গুৰুত্ব ৷ যাৰ বাবে অসম চাহ মজদুৰ সংঘই ১৬ ছেপ্তেম্বৰ পৰা মৰাণত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷