মৰাণ, 19 ফেব্ৰুৱাৰী :এটা ক'লা বেগে আতংক সৃষ্টি কৰিছিল চৰাইদেউ জিলাৰ সোণাৰিত(Bomb recovered in Sonari) । কিন্তু ৯ ঘণ্টাৰ অন্তত ৰহস্যভেদ হ’ল সোণাৰিত উদ্ধাৰ হোৱা ক’লা বেগটোৰ । ৰবটৰ জৰিয়তে বেগটো উদ্ধাৰ কৰিলে বোমা বিশেষজ্ঞৰ দলে । জেচিবিৰ সহায়ত জনশূন্য পথাৰলৈ লৈ যোৱা হৈছিল বেগটো । কিন্তু বেগটোৰ ভিতৰত উদ্ধাৰ হ’ল কাপোৰ, চেন্দেল আৰু কেইপদমান সামগ্ৰী ।
কোনো শ্ৰমিকে ভুলবশত বেগটো এৰি যোৱা সন্দেহ কৰা হৈছে । দুপৰীয়া ১২-৩০মান বজাত সোণাৰিৰ নামৰূপ বাছষ্টেণ্ডৰ কাষৰ এটা তেল ডিপোৰ সন্মুখত পৰি থকা ক’লা বেগটোক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ । স্থানীয় লোকে গৰাকী বিহীন ক’লা বেগটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে বেগটোত বোমা থকাৰ সন্দেহ কৰিছিল । ইয়াৰ পিছতেই সোণাৰিত বিদ্যুৎ কৰ্তন তথা যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰখাত জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰে ।