অসম

assam

ETV Bharat / city

জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষক গৃহ চহৰত উষ্ম আদৰণি - sunil rajkonwar new vice chancellor of jyoti chitraban

জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰক ডিব্ৰুগড়ত জনোৱা হ’ল বিপুল আদৰণি ৷ গৃহ চহৰ ডিব্ৰুগড়ত উপস্থিত হৈ ৰাইজৰ উষ্ম আদৰণিত অভিভূত হৈ পৰে নৱনিযুক্ত উপাধ্যক্ষ গৰাকী ৷

Jyoti Chitraban
জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰক ডিব্ৰুগড়ত বিপুল আদৰণি জনোৱা

By

Published : Feb 17, 2022, 10:49 PM IST

ডিব্ৰুগড়, 17 ফ্ৰেব্ৰুৱাৰী: ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিযুক্তি প্ৰদান কৰা জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰক গৃহ চহৰ ডিব্ৰুগড়ত উষ্ম অভিনন্দন জনায় তেওঁৰ অনুৰাগীয়ে । বুধবাৰে ডিব্ৰুগড় চহৰৰ লক্ষ্মী নগৰস্থিত নিজা অঞ্চলত উপস্থিত হোৱাৰ পিছতেই উপাধ্যক্ষ গৰাকীক গায়ন-বায়ন, ঢোল নৃত্য গীতৰ মাজেৰে নিজ গৃহলৈ আদৰি অনা হয় ।

জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰক ডিব্ৰুগড়ত বিপুল আদৰণি জনোৱা

লক্ষ্মী নগৰ সাৰ্বজনীন নামঘৰত উপাধ্যক্ষ গৰাকীক অঞ্চলটোৰ মহিলা সমিতিৰ লগতে বিভিন্ন স্থানৰ পৰা অহা যথেষ্ট সংখ্যক অনুৰাগীয়ে ফুলাম গামোচা তথ অন্যান্য উপহাৰেৰে অভিনন্দন জনায় । নতুন চিন্তা চেতনাৰে অধিক গতিশীল ৰূপত জ্যোতি চিত্ৰবনক নিৰ্মাণ কৰি অসমীয়া সাংস্কৃতিক জগতখনক আগুৱাই নিয়াৰ কথা উল্লেখ কৰে উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰে ।

লগতে পঢ়ক:এক লাখ নতুন নিযুক্তি বনাম অৰ্ধ লক্ষাধিক অস্থায়ী কৰ্মচাৰী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details