মৰাণ, 29 জুলাই : বিতৰ্কই লগ এৰা নাই মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ৷ শেহতীয়াকৈ অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ পাছতে এইবাৰ অধ্যক্ষাগৰাকীৰ কাৰ্যালয় ঘেৰাও কৰিছে ছাত্ৰ সমাজে ৷ বৃহস্পতিবাৰে আবেলি বিতৰ্কিত অধ্যক্ষাগৰাকী মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিছত কাৰ্যালয়তে ঘেৰাও কৰি জৱাবদিহি কৰে মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে ৷ লগতে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে মানি লোৱা নহ'ব বুলি মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে স্থিতি স্পষ্ট কৰি দিয়ে ৷
উল্লেখ্য যে, মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে অধ্যক্ষৰ কাৰ্যালয়তে ড৹ মিতালী কোঁৱৰক ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাত মহাবিদ্যালয়ত মৰাণহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে আইনক সহযোগ কৰাৰ আহ্বান জনায় ৷ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰে নিজ গৃহত শিশু শ্ৰমিক হিচাপে ৰখা এটি 12 বছৰীয়া শিশুক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত যোৱা বৰ্ষৰ ছেপ্তেম্বৰত স্বামীসহ গ্ৰেপ্তাৰ হৈ অধ্যক্ষা পদৰ পৰা নিলম্বন হৈছিল ৷ ইয়াৰ পাছতে পুনৰ শেহতীয়াকৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদত যোগদান কৰিছিল নিলম্বিত অধ্যক্ষা গৰাকীয়ে ৷