অসম

assam

ETV Bharat / city

ক'ভিড-19 ত আক্ৰান্ত টিংখাঙৰ বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী - চিন্তিত টিংখাঙৰ অভিভাৱক

ছাত্র-ছাত্ৰীৰ দেহলৈ সংক্ৰমিত হৈছে মাৰাত্মক কৰ'ণা ভাইৰাছ ৷ টিংখাঙৰ কেইবাখনো বিদ্যালয়ত আক্ৰান্ত হৈছে বহু কেইগৰাকী ছাত্র-ছাত্ৰী ৷ এই ঘটনাই চিন্তিত কৰি তুলিছে বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকক ৷

চিন্তিত অভিভাৱক
ক'ভিড-19 ত আক্ৰান্ত টিংখাঙৰ বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

By

Published : Oct 13, 2020, 5:23 PM IST

টিংখাং, 13 অক্টোবৰ : এইবাৰ টিংখাঙৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ দেহলৈ সংক্ৰমিত হৈছে কৰ'ণা ভাইৰাছ । শেহতীয়াকৈ বিদ্যালয়সমূহত হোৱা ক'ভিড টেষ্ট ফলাফলত পোহৰলৈ আহিছে এই তথ্য । ইয়াৰ ফলত শংকিত হৈ পৰিছে ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকল । বিদ্যালয়সমূহত ছাত্র-ছাত্ৰীসকল ক'ভিডত আক্ৰান্ত হোৱাৰ তথ্য বিয়পাৰ লগে লগেই পুনৰ বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা কমি আহিবলৈ ধৰিছে।

ক'ভিড-19 ত আক্ৰান্ত টিংখাঙৰ বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

টিংখাঙৰ কেইবাখনো বিদ্যালয়ত হোৱা ক'ভিড পৰীক্ষাৰ ফলাফলত বহু কেইজন ছাত্র-ছাত্ৰী আক্ৰান্ত হৈছে ক'ভিডত । টিংখাঙৰ ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত এজন,লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুগৰাকী ছাত্ৰী,দুজন ছাত্র আক্ৰান্ত হোৱাৰ বিপৰীতে দুগৰাকী অভিভাৱক,লেঙেৰী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত তিনি গৰাকী আৰু নেমুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এজনকৈ ছাত্ৰ ক'ভিড পজিটিভ ধৰা পৰিছে ।

মঙলবাৰেও টিংখাঙৰ বহু কেইখন বিদ্যালয়ত ক'ভিড পৰীক্ষা কৰা হৈছে । এই বিদ্যালয়সমূহতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ইফালে পহিলা নবেম্বৰৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ গভীৰ চিন্তাত পৰিছে অভিভাৱকসকল ।

লগতে পঢ়ক :মহানগৰীত কিশোৰী ধৰ্ষণ : আৰক্ষীৰ জালত অভিযুক্ত

ABOUT THE AUTHOR

...view details