অসম

assam

ETV Bharat / city

আজিৰে পৰা চলাচল নিউ দিল্লী-ডিব্ৰুগড় সংযোগী বিশেষ ৰাজধানী ট্ৰেইন - বগীবিল দলঙৰ ওপৰেৰে চলিব নিউ দিল্লীমুখী ৰাজধানী এক্সপ্ৰেছ

আজিৰে পৰা নিউ দিল্লী-ডিব্ৰুগড় সংযোগী বিশেষ ৰাজধানী ট্ৰেইনৰ চলাচল হ'ব ৷ সপ্তাহত দুদিনকৈ বগীবিল দলঙৰ ওপৰেৰে চলিব নিউ দিল্লীমুখী ৰাজধানী এক্সপ্ৰেছ ।

নিউ দিল্লী-ডিব্ৰুগড় সংযোগী বিশেষ ৰাজধানী ট্ৰেইন
বগীবিল দলং

By

Published : Oct 12, 2020, 10:02 PM IST

ডিব্ৰুগড়, 12 অক্টোবৰ : সপ্তাহত দুদিনকৈ বগীবিল দলঙৰ ওপৰেৰে চলিব নিউ দিল্লীমুখী ৰাজধানী এক্সপ্ৰেছ । ইয়াৰোপৰি, উত্তৰ-পূব সীমান্ত ৰেলৱে' উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে কেইখনমান বিশেষ ৰেল চলাচলৰ ব্যৱস্থা কৰা হৈছে । সেই অনুসৰি সোমবাৰৰ পৰা ডিব্ৰুগড়-নিউ দিল্লীলৈ বিশেষ ৰাজধানী এক্সপ্রেছ যাত্ৰা আৰম্ভ কৰা হৈছে ৷

আজিৰে পৰা চলাচল নিউ দিল্লী-ডিব্ৰুগড় সংযোগী বিশেষ ৰাজধানী ট্ৰেইন

প্ৰথমবাৰৰ বাবে সপ্তাহত দুদিনকৈ বগীবিল দলঙৰ ওপৰেৰে ডিব্ৰুগড়ৰ পৰা নিউ দিল্লীলৈ ৰাওনা হ’ব লগা বিশেষ ৰাজধানী এক্সপ্রেছখন লক্ষীমপুৰ, ৰঙাপৰা, ৰঙিয়া আৰু নিউ বঙাইগাঁও হৈ ৰাওনা হ’ব । একেদৰে নিউ দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখেও একেটা পথেৰে সপ্তাহত দুদিনকৈ এই বিশেষ ৰাজধানী এক্সপ্ৰেছখন চলাচল কৰিব ।

ডিব্ৰুগড় জংছন

উল্লেখ্য যে, এই দ্বি-সাপ্তাহিক ৰেলখন বাতানুকূল দবাযুক্ত হ'ব । ইফালে অহা 14 অক্টোবৰৰ পৰা ডিব্ৰুগড়ৰ পৰা নিউ দিল্লী অভিমুখে আন এখন বাতানুকূল দবাযুক্ত সাপ্তাহিক ৰেল গাড়ীয়ে চলাচল কৰিব । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ দীৰ্ঘতম ৰেল আৰু পথ সংযোগ থকা দুখলপীয়া দলংখন উদ্বোধন কৰা পাছত কেইবাখনো যাত্ৰীবাহী ৰেল চলাচল কৰিছিল যদিও দ্ৰুতবেগী দূৰণিবটীয়া ৰেল চলাচল কৰা নাছিল । আজিৰে পৰা প্ৰথমখন দূৰণিবটীয়া দ্ৰুতবেগী ৰেল যাত্ৰা আৰম্ভ কৰা হৈছে ৷

লগতে পঢ়ক :চিৰিয়াখানাত গো-মাংস নিষিদ্ধকৰণক কেন্দ্ৰ কৰি প্ৰতিবাদ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details