অসম

assam

ETV Bharat / city

চৰকাৰে উপেক্ষা কৰি আহিছে সোণোৱাল কছাৰী জনগোষ্ঠীক : দেৱানন্দ চেলেং - দেবানন্দ চেলেং

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণী অনুষ্ঠান ৷ অসমৰ ভিন্ন প্ৰান্তত বসবাস কৰা সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকৰ সমাৱেশৰ লগতে জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে উখল-মাখল হৈ পৰে হালালী সম্বন্বয় ক্ষেত্ৰ ৷

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান

By

Published : Mar 20, 2019, 2:25 PM IST

ডিব্ৰুগড়, 20 মাৰ্চ : চাৰিদিনীয়া কাৰ্যসূচীৰে 18 মাৰ্চৰ পৰা ডিব্ৰুগড় দুলীয়া-দাইনীজানৰ হালালী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছেসোণোৱাল কছাৰী ছাত্ৰ সন্থাৰসোণালী জয়ন্তী সমাৰোহৰ সামৰণীঅনুষ্ঠান ৷

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান
অসমৰ ভিন্ন প্ৰান্তত বসবাস কৰা সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকৰ সমাৱেশৰ লগতে জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে উখল-মাখল হৈ পৰে হালালী সম্বন্বয় ক্ষেত্ৰ ৷ সোণোৱাল কছাৰী জনগোষ্ঠীক চৰকাৰে এখন স্বায়ত্ব শাসিত পৰিষদ দি এমুঠিমান টকা দি উপেক্ষা কৰাৰ অভিযোগ তোলে ছাত্ৰ সংগঠনটোৰ নেতা দেৱানন্দ চেলেঙে ৷ যাৰ বাবে জনগোষ্ঠীটো উন্নয়নৰ ক্ষেত্ৰত পিছপৰি ৰোৱা বুলি ক্ষোভ ব্যক্ত কৰে চেলেঙে । ইপিনে স্বায়ত্ব শাসিত পৰিষদ ব্যৱস্থা একেবাৰে নিম্নমানৰ এক সুবিধা হোৱাৰ বাবে জনগোষ্ঠীটোৰ সামগ্ৰীক উন্নয়নৰ ক্ষেত্ৰত পিছপৰি ৰোৱা বুলি অভিযোগ কৰি সাংবিধানিক সুৰক্ষা যুক্ত কৰি ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত নকৰা পৰ্যন্ত ঐক্যবদ্ধ আন্দোলন কৰি যাব বুলিও সোণালী জয়ন্তী সমাৰোহৰ পৰা সকীয়াই দিয়ে সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details