অসম

assam

ETV Bharat / city

দুলীয়াজানত বিলাসী বাহনৰ পৰা চোৰাং কনডেন্স তেল জব্দ - Smuggled condensate oil seized

শনিবাৰে দুলীয়াজানৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেল জব্দ কৰে (Condensate oil seized at Duliajan ) ৷ এক গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে দুলীয়াজান আৰক্ষীয়ে এখন বিলাসী বাহনত অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেলখিনি ৷

condensate-oil-seized-at-duliajan
দুলীয়াজানত বিলাসী বাহনৰ পৰা চোৰাং কনডেন্স তেল জব্দ

By

Published : Jun 25, 2022, 10:25 PM IST

মৰাণ, 25 জুন:ৰাজ্যৰ উজনিৰ ভাগৰ বিভিন্ন স্থানত দীৰ্ঘদিনৰ পৰা দুষ্ট চক্ৰই চোৰাং ভাৱে কৰি আহিছে তেল চুৰি ৷ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই এই তেল চুৰি কাৰ্যৰ লগত জড়িত বহুজনক আটক কৰিবলৈ সক্ষম হৈছে ৷ পিছে অতি পৰিতাপৰ কথা যে, আজি পৰ্যন্ত এই দুষ্ট চক্ৰটোৱে আৰক্ষীৰ চকুত ধুলি দি গোপনে অব্যাহত ৰাখিছে তেল চুৰি কাৰ্য ৷ শেহতীয়াকৈ ডিব্ৰুগড়ত চলিছে চোৰাং তেল আৰু চৰকাৰী চাউলৰ ক'লা বেপাৰ ৷

মাত্ৰ কিছুদিন পূৰ্বে দুলীয়াজানত বহু কুইন্টল চৰকাৰী চাউল চোৰাংকৈ অৰুণাচলৈ সৰবৰাহ কৰাৰ সময়তে গাড়ীৰ সৈতে জব্দ কৰিছিল আৰক্ষীয়ে (Rice illegally smuggled at Duliajan) ৷ তাৰ পিছতে শনিবাৰে দুলীয়াজানৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেল জব্দ কৰে (Smuggled condensate oil seized) ৷ এক গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে দুলীয়াজান আৰক্ষীয়ে এখন বিলাসী বাহনত অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেলখিনি (condensate oil seized by Duliajan police) ৷

দুলীয়াজানত বিলাসী বাহনৰ পৰা চোৰাং কনডেন্স তেল জব্দ

অৱশ্যে আৰক্ষীয়ে জনোৱা অনুসৰি, দুলীয়াজানৰ বকুলনীত দুলীয়াজান আৰক্ষী অহাৰ উমান পাই চোৰাং কনডেন্স তেল ভৰ্তি বিলাসী বাহনখনে পলায়ন কৰিবলৈ চেষ্টা চলাওতে এখন বাইকত গৈ খুন্দা মাৰে (Road acciden at Duliajan) ৷ ফলত বাইক আৰোহীজন গুৰুতৰ ভাৱে আহত হয় (One people injured in Road accident) ৷ আহত লোকজনক প্ৰাথমিক চিকিৎসাৰ বাবে দুলীয়াজানৰ অইল চিকিৎসালয়লৈ লৈ যোৱা হয় ।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰি চোৰাং কনডেন্স তেল ভৰ্তি বিলাসী বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ এই সন্দৰ্ভত বহুকেইজন লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ এই চক্ৰটো যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে, তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক:Sensational murder in Jorhat: ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

ABOUT THE AUTHOR

...view details